অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ২৭ বছৰ উপবাসে আছে এগৰাকী মহিলা। মধ্য প্ৰদেশৰ জবলপুৰৰ উৰ্মিলা চতুৰ্বেদী নামৰ মহিলাগৰাকীয়ে ৰাম মন্দিৰক লৈ শেহতীয়া উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক লৈ অতি আনন্দিত। ১৯৯২ চনৰ পৰা ৰাম মন্দিৰ নিৰ্মাণৰ বাবে উপবাসে আছে এইগৰাকী মহিলা। সুদীৰ্ঘ ২৭ বছৰ পিছত আশা পূৰণ হ’ল ৮৭ বছৰীয়া উৰ্মিলাৰ। উৰ্মিলাই কয় যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হোৱা দেখিবলৈ পোৱাটোৱে উপবাসৰ আঁৰৰ একমাত্ৰ উদ্দেশ্য আছিল। উৰ্মিলাৰ এই ইচ্ছা এতিয়া সম্পূৰ্ণৰূপে পূৰণ হোৱাৰ পথত।
জবলপুৰৰ বিজয় নগৰৰ বাসিন্দা উৰ্মিলা চতুৰ্বেদীয়ে কয় – ‘অযোধ্যা বিবাদক লৈ যেতিয়া সংঘৰ্ষ হৈছিল, হিন্দু–মুছলমান ভাইসকলৰ তেজ বৈছিল, তেতিয়া খুব দুখ পাইছিলো। তেতিয়াই সংকল্প লৈছিলো যে যেতিয়ালৈ দেশত ভাতৃত্ববোধৰ সৈতে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ নহ’ব তেতিয়ালৈ অন্ন গ্ৰহণ নকৰো।’ সুদীৰ্ঘ দিন ধৰি আদালতত গোচৰ চলাৰ পিছত ৯ নৱেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ে দিয়া ৰায়ক লৈ উৰ্মিলা অত্যন্ত সুখী। তেওঁ ভগৱান ৰামচন্দ্ৰক সাষ্টাংগে প্ৰণাম জনায়।
উৰ্মিলাই কয় যে ২৭ বছৰে উপবাসৰ বাবে নিজৰ আত্মীয় আৰু সমাজৰ পৰা দূৰৈত আছিল। মানুহে বহুবাৰ উপবাস ভংগ কৰিবলৈ হেঁচা দিছিল, কোনো কোনোৱে ঠাট্টাও কৰিছিল। তাৰ মাজতে একাংশই তেওঁৰ আত্মবিশ্বাস আৰু সাধনাক প্ৰশংসাও কৰিছিল আৰু কেইবাবাৰো ৰাজহুৱাভাৱে সন্মানিত কৰা হৈছিল।
২৭ বছৰীয়া এই দীঘলীয়া সময়ছোৱাত কেবল কল আৰু চাহ খাই আছে উৰ্মিলাই। উৰ্মিলাই এতিয়া নতুন উৎসাহেৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱালৈ বাট চাইছে। উৰ্মিলাই কয় যে অযোধ্যালৈ গৈ ৰাম মন্দিৰ দৰ্শন কৰাৰ পিছত নিজৰ উপবাস ভংগ কৰাৰ ইচ্ছা তেওঁৰ। শনিবাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে পৰিয়ালে মহিলাগৰাকীক খাদ্য খুওৱাৰ চেষ্টা চলাইছিল যদিও উৰ্মিলাই স্পষ্ট কৰি দিয়ে যে তেওঁ অযোধ্যাতেই ভংগ কৰিব উপবাস।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|