உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • "দেশদ্ৰোহৰ সীমা নিৰ্ধাৰণৰ সময় আহি পৰিছে"- সংবাদ মাধ্যমৰ বিৰুদ্ধে চলোৱা তদন্তত বাধা আৰোপ কৰি এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ

    "দেশদ্ৰোহৰ সীমা নিৰ্ধাৰণৰ সময় আহি পৰিছে"- সংবাদ মাধ্যমৰ বিৰুদ্ধে চলোৱা তদন্তত বাধা আৰোপ কৰি এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ

    উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে লগতে কয় যে, ভাৰতীয় দণ্ডবিধি আইনৰ 124A আৰু 153A ধাৰাৰ অধীনত অপৰাধৰ পৰিসৰ নিৰ্ধাৰণ কৰাৰ কোনো প্ৰয়োজন নাই। বিশেষকৈ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত ।

    উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে লগতে কয় যে, ভাৰতীয় দণ্ডবিধি আইনৰ 124A আৰু 153A ধাৰাৰ অধীনত অপৰাধৰ পৰিসৰ নিৰ্ধাৰণ কৰাৰ কোনো প্ৰয়োজন নাই। বিশেষকৈ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত ।

    উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে লগতে কয় যে, ভাৰতীয় দণ্ডবিধি আইনৰ 124A আৰু 153A ধাৰাৰ অধীনত অপৰাধৰ পৰিসৰ নিৰ্ধাৰণ কৰাৰ কোনো প্ৰয়োজন নাই। বিশেষকৈ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত ।

    • Share this:
    বিগত সময়ত "দেশদ্ৰোহিতা"ৰ বিষয়টোৱে ভাৰতক জোঁকাৰি যোৱাৰ পিছতেই এইবাৰ এই বিষয়টোক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। সোমবাৰে দুটাকৈ নিউজ চেনেল টিভি৫ আৰু ABN অন্ধ্ৰ জ্যোতিৰ বিৰুদ্ধে অন্ধ্ৰপ্ৰদেশ চৰকাৰে তোলা দেশদ্ৰোহিতাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি "দেশদ্ৰোহৰ সীমা নিৰ্ধাৰণৰ সময় আহি পৰিছে" বুলি উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে।

    লগতে সৰ্বোচ্চ ন্যায়ালয়ে কঠিন দেশদ্ৰোহিতাক লৈ দুয়োটা নিউজ চেনেলৰ বিৰুদ্ধে কোনোধৰণৰ দণ্ডনীয় তদন্ত কৰাৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰে অন্ধ্ৰপ্ৰদেশ আৰক্ষীক ।

    ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন বিশেষ বিচাৰপীঠে এই চেনেলসমূহৰ আবেদনৰ ওপৰত ভিত্তি কৰিয়েই চাৰি সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰি এখন জাননী প্ৰেৰণ কৰে। এই বিচাৰপীঠখনত ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাটোও আছিল। এই গোচৰৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে সেই এজাহাৰ সম্পৰ্কীয় বাতৰি চেনেলসমূহৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা লোৱা নহ'ব।

    এই সম্পৰ্কে শুনানি গ্ৰহণ কৰিয়েই সৰ্বোচ্চ ন্যায়ালয়ে তিনিজনীয়া বিচাৰপীঠে প্ৰাথমিক দৃষ্টিভংগী প্ৰকাশ কৰিছিল যে, ''এই গোচৰ হৈছে সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা হ্ৰাস কৰাৰ চেষ্টা চলোৱাৰ এক প্ৰয়াস। সেয়েহে আমি বিশ্বাস কৰো যে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা – 124A (দেশদ্ৰোহ) আৰু 153A (ভিন্ন বৰ্গৰ মাজত তিক্ততা বৃদ্ধি কৰা) ধাৰাৰ ব্যাখ্যা কৰা প্ৰয়োজন হৈছে । বিশেষকৈ সংবাদ মাধ্যম আৰু মত প্ৰকাশৰ স্বাধীনতাৰ বিষয়ত।"

    দৰাচলতে দুয়োটা তেলেগু নিউজ চেনেলে ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিৰ বিসম্বাদী সাংসদ ৰঘু ৰাম কৃষ্ণ ৰাজুৰ এক আপত্তিজনক ভাষণ প্ৰচাৰ কৰিছিল। তাৰ পিছতে চেনেল দুটাৰ বিৰুদ্ধে দেশদ্ৰোহকে আদি কৰি ভিন্ন অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছিল। দুয়োটা চেনেলে অভিযোগ কৰিছিল যে, সাংসদ ৰাজুৰ প্ৰেছ বিবৃতি প্ৰকাশ কৰাৰ বাবে চেনেলবোৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ইপিনে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে একেটা গোচৰতে সাংসদ ৰাজুক জামিনো প্ৰদান কৰিছে।
    Published by:Himangshu Bhuyan
    First published: