মুখ্যপৃষ্ঠা »খবৰ »দেশ »Rahul Gandhi: নিজে জোতা পিন্ধি অতিথিক জোতা খুলিবলৈ কোৱাটো মোৰ বা ভাৰতৰ সংস্কৃতি নহয়- মণিপুৰত ৰাহুল গান্ধীৰ কটাক্ষ

Rahul Gandhi: নিজে জোতা পিন্ধি অতিথিক জোতা খুলিবলৈ কোৱাটো মোৰ বা ভাৰতৰ সংস্কৃতি নহয়- মণিপুৰত ৰাহুল গান্ধীৰ কটাক্ষ

Rahul Gandhi in Manipur:  ''বিজেপি মণিপুৰলৈ আহিলে শ্ৰেষ্ঠতাৰ ভাবনাৰে আহে। কিন্তু মই শ্ৰেষ্ঠতা নহয় বিনম্ৰতাৰ ভাবনাৰে আহোঁ।''

Rahul Gandhi in Manipur: ''বিজেপি মণিপুৰলৈ আহিলে শ্ৰেষ্ঠতাৰ ভাবনাৰে আহে। কিন্তু মই শ্ৰেষ্ঠতা নহয় বিনম্ৰতাৰ ভাবনাৰে আহোঁ।''

  • Share this:
মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi) ৰাজ্যখনত  উপস্থিত হয়। মণিপুৰ কংগ্ৰেছ দলে গান্ধীক পৰম্পৰাগত মুকুটেৰে  সন্মানিত কৰি উষ্ম আদৰণি জনায়। গান্ধীয়ে এদিনীয়া ইম্ফল (Imphal, Manipur) ভ্ৰমণৰ সময়ত হাট্টা কাংজেইবুঙত (Hatta Kangjeibung) এক ৰাজহুৱা সমদল সম্বোধন কৰে।

ভাষণত কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপি আৰু RSSক লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়। তেওঁ বিজেপি কটাক্ষ কৰি কয়- ''বিজেপিৰ লক্ষ্য, বিচাৰধাৰা, বিচাৰ আৰু ভাষা অন্য সকলো লক্ষ্য, বিচাৰধাৰা আৰু ভাষাতকৈ শ্ৰেষ্ঠ। তেওঁলোক মণিপুৰলৈ আহিলে এনে শ্ৰেষ্ঠতাৰ ভাবনাৰে আহে। কিন্তু মই শ্ৰেষ্ঠতা নহয় বিনম্ৰতাৰ ভাবনাৰে আহোঁ।'' গান্ধীয়ে কংগ্ৰেছ দলে মণিপুৰৰ অনন্য সংস্কৃতি, ইতিহাস আৰু ভাষাক সদায় সন্মান আৰু সুৰক্ষা দিয়াৰ আশ্বাস দিয়ে। তেওঁ কয় যে এটা 'আদৰ্শ, এটা ধাৰণা আৰু এটা ভাষা যি সকলোতকৈ উৎকৃষ্ট'- বিজেপিৰ দৃষ্টিভংগীৰ বিপৰীতে কংগ্ৰেছে ভাৰতক 'ৰাজ্যসমূহৰ সংঘ' হিচাপে সংজ্ঞায়িত কৰে।

তদুপৰি, তেওঁ অভিযোগ কৰে যে বিজেপিয়ে মণিপুৰ দখল কৰিবলৈ আৰু পাম তেলৰ খেতি (palm oil plantation) কৰি ইয়াৰ জনসাধাৰণৰ ভৱিষ্যত ধ্বংস কৰিবলৈ আহিছে, তেওঁ কয় যে মণিপুৰৰ মানুহ ইয়াৰ পৰা লাভান্বিত হ'ব নোৱাৰে, কিন্তু পতঞ্জলিৰ দৰে কৰ্পোৰেট উপকৃত হ'ব।

তেওঁ দাবী কৰে যে কংগ্ৰেছে বাবা ৰামদেৱৰ (Baba Ramdev) দৰে লোকসকলক সহায় কৰিবলৈ আগ্ৰহী নহয়, কংগ্ৰেছে মণিপুৰৰ লোকসকলক সুৰক্ষা দিবলৈ আৰু ইয়াৰ উন্নয়নৰ বাবে কাম কৰিবলৈ আগ্ৰহী।

ৰাহুল গান্ধীয়ে লগতে দিল্লীত অমিত শ্বাহৰ (Amit Shah) বাসগৃহত মণিপুৰৰ প্ৰতিনিধি দল এটাক জোতা খুলিবলৈ বাধ্য কৰোৱা অথচ গৃহমন্ত্ৰীয়ে নিজে জোতা পিন্ধি থকা ঘটনাৰ কথা স্মৰণ কৰে। তেওঁ কয়, "অতিথিক অপমান কৰাটো তেওঁৰ সংস্কৃতি হ'ব পাৰে। কিন্তু এইটো ভাৰতৰ সংস্কৃতি নহয়। ভাৰতত আমি আমাৰ অতিথিসকলক সন্মান কৰোঁ।"

ইয়াৰ উপৰি ৰাহুল গান্ধীয়ে কোৰোনাৰ পৰা কৃষকৰ বাবে এমএছপি, মহিলা সবলীকৰণ আদি ভিন্ন বিষয়ক লৈ উল্লেখ কৰে। উল্লেখ্য সমদলটোৰ পূৰ্বে কংগ্ৰেছ নেতাজনে শ্বহীদ মিনাৰ (Shaheed Minar) আৰু নুপী লাল কমপ্লেক্স পৰিদৰ্শন কৰে আৰু মণিপুৰৰ স্বাধীনতা সংগ্ৰামীসকলৰ আত্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমদলটোৰ পিছত ৰাহুল গান্ধীয়ে ইম্ফলৰ বিটি ৰোডৰ এমপিচিচি (MPCC) মুখ্য কাৰ্যালয়ত এমপিচিচিৰ কাৰ্যবাহী বিষয়া আৰু মণিপুৰ প্ৰগ্ৰেছিভ চেকুলাৰ এলায়েন্সৰ নেতাসকলৰ সৈতে বাৰ্তালাপ কৰে।

শেহতীয়া বাতৰি