உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Mission Paani: পানী সংৰক্ষণক আমাৰ দৈনন্দিন জীৱনৰ অভ্যাসৰূপে গঢ়ি তোলাৰ সময় পাৰ হও হও

    Mission Paani: পানী সংৰক্ষণক আমাৰ দৈনন্দিন জীৱনৰ অভ্যাসৰূপে গঢ়ি তোলাৰ সময় পাৰ হও হও

    পানী সংৰক্ষণৰ ক্ষেত্ৰত আমি মাত্ৰ কেইটামান দৈনন্দিন অভ্যাস কৰা উচিত। কেনেকৈ জানো আহক।

    পানী সংৰক্ষণৰ ক্ষেত্ৰত আমি মাত্ৰ কেইটামান দৈনন্দিন অভ্যাস কৰা উচিত। কেনেকৈ জানো আহক।

    পানী সংৰক্ষণৰ ক্ষেত্ৰত আমি মাত্ৰ কেইটামান দৈনন্দিন অভ্যাস কৰা উচিত। কেনেকৈ জানো আহক।

    • Share this:
    ডে’ জিৰ’ অৰ্থাৎ পানীশূণ্য পৰিস্থিতিলৈ আমাৰ দেশ অতি তীব্ৰতাৰে গতি কৰিছে। এই কথা আমি আজি দীঘলীয়া সময়ৰ পৰা শুনি আছো। যদি এয়া ভয়ংকৰ নহয় তেনেহ’লে আমি আৰু ভালকৈ এই কথা অনুধাৱন কৰা উচিত। দেশৰ ১৫খন প্ৰধান চহৰত ইতিমধ্যে পানীৰ প্ৰচণ্ড সংকটে দেখা দিছে। এই সংখ্যাবোৰ কেৱল বাঢ়ি বাঢ়ি গৈ থাকিব।

    পানী সংৰক্ষণৰ ক্ষেত্ৰত আমি মাত্ৰ কেইটামান দৈনন্দিন অভ্যাস কৰা উচিত। কেনেকৈ জানো আহক।

    ভালকৈ সঠিক পদ্ধতিত আহাৰ গ্ৰহণ। একাংশ শস্য উত্‍পাদন কৰিবলৈ তথা মাংসৰ ক্ষেত্ৰতো যথেষ্ট পানীৰ প্ৰয়োজন হয়। আমি খাদ্য শৃংখলৰ এনে খাদ্য গ্ৰহণ কৰিব লাগে যিসমূহত কম পানী ব্যৱহাৰ হয় লগতে খাদ্য প্ৰস্তুতৰ ক্ষেত্ৰতো যাতে পানীৰ মাত্ৰাধিক ব্যৱহাৰ নহয় সেয়া চাব লাগিব।

    আমি যি ক্ৰয় কৰো লাগে সেয়া এটা জীনছ হওক বা জোতা সকলো উৎপাদন কৰিবলৈ পানীৰ প্ৰয়োজন। আপুনি অনলাইনত ক্ৰয় কৰা এজোৰ জীনছ প্ৰস্তুত কৰিবলৈ প্ৰায় ১০,০০০ লিটাৰ পানী লাগে! পানী সংৰক্ষণৰ ক্ষেত্ৰত সৰু সৰু অভ্যাসবোৰেই ডাঙৰ উপহাৰ প্ৰদান কৰে।

    বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত পানীৰ সংৰক্ষণৰ ব্যৱস্থাই যথেষ্ট সহায় কৰে। পানীৰ পৰা বিদ্যুৎ উৎপাদন হয় গতিকে যিমান অধিক বিদ্যুৎ খৰছ কৰিব সিমানেই পানীৰ প্ৰয়োগ বাঢ়িব। গতিকে বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত যিমান মিতব্যয়ী হ’ব সিমানেই পানীৰ অধিক ব্যৱহাৰ প্লেণ্টসমূহত নহ’ব।

    কাপোৰ–কানি ৱাশ্বিং মেচিনত ধোৱাৰ ক্ষেত্ৰতো অলপ সজাগ হওক। এবাৰতে প্ৰায় ৫০–৭০লিটাৰ পানী ৱাশ্বিং মেচিনত ব্যৱহাৰ হয়। গতিকে এবাৰ কাপোৰ ধুওতে প্ৰয়োগ সৰ্বাধিক কৰিবলৈ বিচাৰক।

    গা ধোৱাৰ ক্ষেত্ৰত শ্বাৱাৰৰ ব্যৱহাৰ ৫ মিনিটত শেষ কৰাৰ চেষ্টা কৰক। এবাৰ গা ধুওতে শ্বাৱাৰত ৬০ লিটাৰ পৰ্যন্ত পানীৰ ব্যৱহাৰ হয়। গতিকে পৰাপক্ষত বাল্টিত পানী লৈ মগেৰে পানী ঢালি গা ধোৱাৰ অভ্যাস কৰাটো ভাল।

    এই অভ্যাসবোৰ কেনেকৈ গঢ়ি তুলিব তাৰ অধিক চৰ্চা কৰিবলৈ সংযুক্ত হওক Harpic News18 Mission Paaniৰ সৈতে।

    (Mission Paani হৈছে CNN News18 আৰু Harpic India ৰ প্ৰয়াস। ইয়াৰ জৰিয়তে পানীৰ সংকট আৰু অনাময়ৰ গুৰুত্ব সন্মুখলৈ অনা হৈছে। এই যুগান্তকাৰী উদ্যোগৰ আপুনিও অংশীদাৰ হওক। জল প্ৰতিজ্ঞা কৰক পানীৰ সংৰক্ষণ তথা পৰিচ্ছনতাক প্ৰসাৰ কৰক। Visit www.news18.com/mission-paani)
    First published: