‘দেশত কোনো কঠোৰ আইন বলৱত্ কৰি লাভ নাই। আইনেৰে ধৰ্ষণ নাইকীয়া কৰা সম্ভৱ নহয়। আইটেম ডান্স, বিজ্ঞাপন, ফোন পৰ্ণগ্ৰাফীয়ে ধৰ্ষণৰ মানসিকতা তৈয়াৰ কৰিছে। ’ এই মন্তব্য ৰাষ্ট্ৰীয় জনতা দলৰ নেতা এচ তীৱাৰীৰ। নেতাগৰাকীয়ে এই মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত। নেতাগৰাকীৰ এই মন্তব্যৰ পিছতে এতিয়া আৰম্ভ হৈছে বিতৰ্ক।
মঙলবাৰে ঝাৰখণ্ডত এগৰাকী মহিলা ধৰ্ষণৰ চিকাৰ হৈছিল। ১৭ জন লোকে সুৰাপান কৰি ধৰ্ষণ কৰিছিল মহিলাগৰাকীক। এই ঘটনাই সমগ্ৰ ৰাজ্যখনতে তোলপাৰ লগাইছে। কিন্তু তাৰ মাজতে RJD নেতাই কৰিছে এনে বিতৰ্কিত মন্তব্য। এচ তীৱাৰীয়ে কয় যে, ‘আদিবাসী এলেকাত ধৰ্ষণৰ কথা কোনেও কল্পনা কৰিব নোৱাৰে। আইটেম ডান্স, বিজ্ঞাপন, ফোনে ফোনে বিয়পি পৰা পৰ্ণগ্ৰাফীয়ে মানুহৰ মনতৰ ধৰ্ষণৰ মানসিকতাৰ সৃষ্টি কৰিছে। কঠোৰ আইন প্ৰণয়ন কৰিও একো লাভ নাই। এইবোৰ কাম বন্ধ নহ’লে, ধৰ্ষণ ৰোধ কৰা কেতিয়াও সম্ভৱ নহয়।’
উল্লেখ্য যে, মঙলবাৰে এগৰাকী আদিবাসী মহিলাক ১৭টা পাষণ্ডই সুৰাপান কৰি ধৰ্ষণ কৰে। পাঁচ সন্তানৰ মাতৃ মহিলাগৰাকীয়ে আৰক্ষীক জনাই যে, সেইদিনা ৰাতি প্ৰায় ৮ বজাত স্বামীৰ সৈতে ঘৰলৈ উভতিছিল মহিলাগৰাকী। সেই সময়তে ৰাস্তাত ১৭ জন সুৰাসক্ত লোকে তেওঁলোকৰ পথ আগুচি ধৰে। আৰু স্বামীৰ সন্মুখতে ধৰ্ষণ কৰে। আনকি মহিলাগৰাকীৰ স্বামীকো প্ৰহাৰ কৰে।’
আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকীক বৰ্তমান মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 10, 2020, 16:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|