আজি আছিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দেশে–বিদেশে নানা ব্যক্তি তথা প্ৰতিষ্ঠানে এই যোগ দিৱস পালন কৰে। ভাৰতৰ উদ্যোগত আৰম্ভ হোৱা এই বিশেষ দিনটোক লৈ বিশ্বৰ বিভিন্ন দেশত যথেষ্ট উৎসাহ আছে। এই অনুষ্ঠান ইণ্ডো-তিবেটান সীমান্ত আৰক্ষী (ITBP)য়েও লাডাখৰ গালৱান উপত্যকা আৰু চীন সীমান্তৰ ওচৰৰ পাংগং তচো (Pangong Tso) হ্ৰদৰ পাৰত পালন কৰিছিল। ইণ্ডো-তিবেটান সীমান্ত আৰক্ষীৰ এগৰাকী জোৱানে শুকুলা বৰফৰ মাজত যোগাসন কৰা এটা ভিডিঅ' পোহৰলৈ আহে, যি ইতিমধ্যে ভাইৰেল হৈছে আৰু জোৱানগৰাকীক প্ৰশংসাৰে উপচাই দিছে। ভিডিঅ'টোত দেখা গৈছে জোৱানগৰাকীয়ে খালি গাৰে শূন্যৰ তলৰ তাপমাত্ৰাত যোগাসন কৰিছে।
#WATCH | An ITBP officer performs Surya Namaskar in sub-zero temperature, at an altitude of 18,000 ft in Ladakh.#InternationalDayOfYoga
(Source: Indo-Tibetan Border Police) pic.twitter.com/dSQmSnCEox
— ANI (@ANI) June 21, 2021
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|