
ISROৰ মুৰব্বীয়ে কয় যে ক্ৰায়’জেনিক ষ্টেজত হোৱা কাৰিকৰী বিজুতিৰ বাবে ISROৰ GSLV-F10/EOS-03 মিছন সম্পূৰ্ণৰূপে সফল নহ’ল।
ISROৰ মুৰব্বীয়ে কয় যে ক্ৰায়’জেনিক ষ্টেজত হোৱা কাৰিকৰী বিজুতিৰ বাবে ISROৰ GSLV-F10/EOS-03 মিছন সম্পূৰ্ণৰূপে সফল নহ’ল।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)–এ পৃথিৱীৰ নিৰীক্ষণৰ বাবে উপগ্ৰহ ‘EOS-03’ বৃহস্পতিবাৰে পুৱা উৎক্ষেপন কৰে। শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয় পৰীক্ষণ স্থলৰ পৰা এই উপগ্ৰহ উৎক্ষেপন কৰা হয়। অৱশ্যে উৎক্ষেপনৰ কিছু সময়ৰ পিছত ISROৰ মুৰব্বীয়ে কয় যে ক্ৰায়’জেনিক ষ্টেজত হোৱা কাৰিকৰী বিজুতিৰ বাবে ISROৰ GSLV-F10/EOS-03 মিছন সম্পূৰ্ণৰূপে সফল নহ’ল।
আনহাতে, স্পেচফ্লাইট নাওৰ মতে, ISRO–এ নিশ্চিত কৰিছে যে জিএছএলভি এমকে ২লঞ্চ আজি ক্ৰায়’জেনিক ষ্টেজৰ বাবে পাৰফৰমেন্সত কাৰিকৰী বিজুতিৰ বাবে অসফল হয়। ৰিপ’ৰ্টত কোৱা হৈছে যে ছেটেলাইতৰ সম্পূৰ্ণ যাত্ৰা ১৮.৩৯ৰ আছিল কিন্তু অন্তিম সময়ত ক্ৰায়’জেনিক ষ্টেজত কাৰিকৰী বিজুতি ঘটে। ইয়াৰ ফলত ISROএ তথ্য লাভ কৰা বন্ধ হৈ পৰে। ISROৰ মুৰব্বীয়ে কয় যে EOS-3 মিছন আংশিকভাৱে অসফল হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|