ISROৰ অধ্যক্ষৰ চকুত আজি চকুপানী, কিন্তু তেওঁৰ জীৱন কাহিনী জানিলে অতি গৰ্বিত হ’ব আপুনি

অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান কে সিৱানে নিজৰ অধ্যৱসায়ৰ বলত দেশৰ ‘ৰকেট মেন’ ৰূপে পৰিচিত হৈছে।

News18-Assam
Updated:September 7, 2019, 4:36 PM IST
ISROৰ অধ্যক্ষৰ চকুত আজি চকুপানী, কিন্তু তেওঁৰ জীৱন কাহিনী জানিলে অতি গৰ্বিত হ’ব আপুনি
অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান কে সিৱানে নিজৰ অধ্যৱসায়ৰ বলত দেশৰ ‘ৰকেট মেন’ ৰূপে পৰিচিত হৈছে।
News18-Assam
Updated: September 7, 2019, 4:36 PM IST
চন্দ্ৰযান ২ৰ লেণ্ডাৰ ‘বিক্ৰম’ৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ লগে লগে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ (ISRO)ৰ আনসকল সতীৰ্থ বিজ্ঞানীৰ সৈতে তেওঁলোকৰ মুৰব্বী ডঃ কে সিৱান অত্যন্ত আৱেগিক হৈ পৰে। নিজকে চম্ভালিবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে চকুপানী নিগৰিছিল তেওঁৰ। তেওঁক সাহস দিবলৈ গৈ নিজে আৱেগিক হৈ পৰিছিল নৰেন্দ্ৰ মোদী।

আপোনাক আমি আজি ক’ব বিচাৰিছো এই মেধাৱী বিজ্ঞানীজনৰ কেতবোৰ নজনা কথা যি কথা জানিলে আপুনি তেওঁক লৈ অত্যন্ত গৰ্বিত হ’ব।




কিন্তু প্ৰচণ্ড প্ৰত্যাহ্বান নেওচি দৃঢ় গতিৰে আগবঢ়া সিৱানে ১৯৮০ চনত মাদ্ৰাছ ইন্সষ্টিটিউট অৱ টেকন’লজীৰ পৰা ইঞ্জিনিয়াৰিঙৰ অধ্যয়ন সম্পন্ন কৰে। ইয়াৰ পিছত তেওঁ ইণ্ডিয়ান ইন্সষ্টিটিউট অৱ চাইসেঞ্জৰ পৰা ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ ২০০৬চনত বম্বেৰ পৰা এয়ৰ’স্পেচ ইঞ্জিনিয়াৰিঙৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে।


২০১৮চনত সিৱানে ইছৰ’ৰ অধ্যক্ষৰূপে নিযুক্তি লাভ কৰে। সিৱানে কয়, তেওঁ কলেজত থকা সময়ত নিজৰ পিতৃক কৃষি কাৰ্যত সহায় কৰিছিল। সেই কাৰণে তেওঁৰ নামভৰ্তি ঘৰৰ কাষৰ কলেজত কৰোৱা হৈছিল। যেতিয়া তেওঁ বিএছচিত অংকত ১০০ শতাংশ নম্বৰ লাভ কৰে তেওঁ পঢ়া–শুনাতে মনোনিৱেশ কৰাৰ সিদ্ধান্ত লয়। তেওঁৰ ওচৰত আনকি শৈশৱত পিন্ধিবলৈ জোতা–চেণ্ডেলো নাছিল। খালী ভৰিৰেই বেছিভাগ সময় কটাইছিল তেওঁ। কলেজলৈকে ধূতি পিন্ধি গৈছিল। এমআইটিত নামভৰ্তি কৰাৰ সময়ত প্ৰথম তেওঁ পেণ্ট পিন্ধিছিল। কেতিয়াও কোনোধৰণৰ টিউশ্যন বা কোচিং ক্লাছ কৰা নাছিল। 


সিৱানে ১৯৮২চনত ইছৰ’ত যোগদান কৰে। ইয়াত তেওঁ প্ৰায় প্ৰতিটো ৰকেট কাৰ্যসূচীত কাম কৰিছে। ইছৰ’ প্ৰমুখ হোৱাৰ আগতে তেওঁ ৰকেট নিৰ্মাণ কৰা বিক্ৰম চাৰাভাই স্পেচ চেণ্টাৰৰ নিৰ্দেশকৰ পদতো আছিল। 


সিৱানে চাইক্ৰ’জনিক ইঞ্জিন, পিএছএলভি, জিএছএলভি আৰু ৰিয়ুজেবল লন্স ভেহিকলৰ কাৰ্যসূচী যোগদান কৰিছিল। তেওঁক ‘ৰকেট মেন’ বুলিও কোৱা হয় সেইকাৰণে!

১৫ ফেব্ৰুৱাৰী, ২০১৭ত ভাৰতে একেলগে ১০৪টা উপগ্ৰহ প্ৰক্ষেপ কৰিছিল। সিৱানে এই মিছনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এইটো ইছৰ’ৰ বিশ্ব অভিলেখ আছিল।

তেওঁ লাভ কৰা পুৰষ্কাৰসমূহঃ

১৯৯৯–শ্ৰী হৰি ঔম আশ্ৰম প্ৰেৰিত ডঃ বিক্ৰম চাৰাভাই ৰিচাৰ্ছ এৱাৰ্ড।

২০০৭–ইচৰ’ মেৰিট এৱাৰ্ড

২০১৪–সত্যাভামা ইউনিভাৰ্চিটি, চেন্নাইৰ পৰা ডঃ অৱ চাইন্সৰ উপাধি।

ৰকেট বিশেষজ্ঞ সিৱানে খালী সময়ত তামিল ক্লাছিকেল গীত শুনি আৰু বাগানত কাম কৰি ভাল পায়। তেওঁৰ প্ৰিয় চিনেমা ১৯৬৯ৰ ৰাজেশ খান্না অভিনীত আৰাধনা।



আৰু চাওক পৰৱৰ্তী বাতৰি