মুখ্যপৃষ্ঠা »খবৰ »দেশ »কাৰিকৰী সমস্যাৰ বাবে চন্দ্ৰযান-২ উৎক্ষেপণ স্থগিত হ’ল, শীঘ্ৰে কৰা হ’ব নতুন তাৰিখৰ ঘোষণা

কাৰিকৰী সমস্যাৰ বাবে চন্দ্ৰযান-২ উৎক্ষেপণ স্থগিত হ’ল, শীঘ্ৰে কৰা হ’ব নতুন তাৰিখৰ ঘোষণা

চন্দ্ৰযান-১ৰ সফলতাৰ পিছত ISRO চন্দ্ৰযান-২ৰ জৰিয়তে পুনৰ ইতিহাস গঢ়াৰ দিশে আগবাঢ়ি আছিল।

চন্দ্ৰযান-১ৰ সফলতাৰ পিছত ISRO চন্দ্ৰযান-২ৰ জৰিয়তে পুনৰ ইতিহাস গঢ়াৰ দিশে আগবাঢ়ি আছিল।

  • Share this:
    ISROৰ দ্বিতীয়টো চন্দ্ৰ মিছন ‘চন্দ্ৰযান-২’ৰ উৎক্ষেপণ কাৰিকৰী সমস্যাৰ বাবে স্থগিত হৈছিল। ইছৰোৰ তৰফৰ পৰা সোমবাৰে পুৱতি নিশা ২.৫১ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধবন স্পেছ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰাৰ কথা আছিল। শীঘ্ৰে কৰা হ’ব নতুন তাৰিখৰ ঘোষণা।

    ‘চন্দ্ৰযান-২’ দেশৰ আটাইতকৈ শক্তিশালী বাহুবলী ৰকেট GSLV MK-IIIৰ পৰা উৎক্ষেপণ কৰাৰ কথা আছিল। প্ৰথমটো চন্দ্ৰ মিছনৰ সফলতাৰ ১১ বছৰৰ পিছত ৯৭৮ কোটি টকাৰ ব্যয়ত প্ৰস্তুত হোৱা চন্দ্ৰযান-২ৰ উৎক্ষেপণ কৰাৰ কথা আছিল।

    ‘চন্দ্ৰযান-২’ মিছনৰ জৰিয়তে চন্দ্ৰৰ বিষয়ে জানিবলৈ সহায় হ’ব লগতে ইয়াৰ জৰিয়তে নতুন বস্তুৰ সন্ধান উলিয়াব পাৰিব আৰু এয়াই ভাৰত আৰু মানৱ সমাজৰ লাভ হ’ব। চন্দ্ৰযান-২ৰ উদ্দেশ্য চন্দ্ৰৰ বুকুত থকা উৎপাদকৰ অধ্যয়ন কৰি সন্ধান উলিওৱা যে তাৰ পাহাৰ আৰু মাটি কি কি উৎপাদকৰে প্ৰস্তুত হৈছে।

    ০২:৪০ বজাত– ISROই ক’লে যে চন্দ্ৰযান-২ত কাৰিকৰী সমস্যা দেখা গৈছে। সাৱধানতাৰ আধাৰত ‘চন্দ্ৰযান-২’ৰ উৎক্ষেপণ আজিৰ বাবে স্থগিত কৰা হৈছে। নতুন তাৰিখৰ ঘোষণা পিছত কৰা হ’ব।


    শেহতীয়া বাতৰি