আইছ’লেটেড ৱাৰ্ড হিচাপে গঢ় দিয়া হৈছে ৰে’লৰ কেবিন!
আইছ’লেটেড ৱাৰ্ড হিচাপে গঢ় দিয়া হৈছে ৰে’লৰ কেবিন!
ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ তৎপৰ হৈছে ৰ’ল বিভাগ। দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। সেই দিশটোলৈ লক্ষ্য ৰাখি ভাৰতীয় ৰে’ল বিভাগে ৰেলৰ কেবিনক সাময়িক ভাবে আইছ’লেছন ৱাৰ্ড হিচাপে গঢ়ি তুলিছে। কামাখ্যা ৰে’ল ষ্টেচনতো ৰে’লৰ কেবিন এতিয়া আইছ’লেটেড ৱাৰ্ড হিচাপে গঢ়ি তুলা হৈছে। ডবাটোত ৯জন ৰোগী থাকিব পৰাৰ ব্যৱস্থা কৰিছে বিভাগে।
উল্লেখযোগ্য যে, প্ৰত্যেকদিনাই ১৩,৫২৩ খন ৰে’ল দেশৰ বিভিন্ন প্ৰান্তলৈ চলাচল কৰে। কিন্তু ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অহা ১৪ এপ্ৰিল পৰ্যন্ত ৰে’ল সেৱা বাতিল কৰা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|