உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • আছিল ভয়ংকৰ কূটাঘাটৰ পৰিকল্পনা! দিল্লীত IEDসহ গ্ৰেপ্তাৰ ISIS সন্ত্ৰাসবাদী 

    আছিল ভয়ংকৰ কূটাঘাটৰ পৰিকল্পনা! দিল্লীত IEDসহ গ্ৰেপ্তাৰ ISIS সন্ত্ৰাসবাদী 

     নিশা দিল্লীৰ ধলাকোৱা অঞ্চলৰ পৰা কৰলবাগ পর্যন্ত বিস্তৃত জংঘলত অভিযান চলাই দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদীটোক। 

    • Share this:
    শুকুৰবাৰে নিশা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা দুধৰ্ষ ISIS সন্ত্ৰাসবাদী। নিশা দিল্লীৰ ধলাকোৱা অঞ্চলৰ পৰা কৰলবাগ পর্যন্ত বিস্তৃত জংঘলত অভিযান চলাই দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদীটোক। দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ উপায়ুক্ত প্ৰমোদ কোচৱাহাই সংবাদ মধ্যমক জনোৱা মতে, সন্দেহযুক্ত সন্ত্ৰাসবাদীটোক আৰক্ষীয়ে বিস্ফোৰক সামগ্ৰী সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে সন্ত্ৰাসবাদীটোৰ নাম আব্দুল য়ুছুফ খান বুলি চিনাক্ত কৰা হৈছে। ঘৰ উত্তৰ-প্ৰদেশত।

    কোচৱাহাই বিস্তৃত ভাৱে জনোৱা মতে, দিল্লী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ধলাকোৱাৰ জংঘলত খানৰ অৱস্থিতিৰ বিষয়ে অৱগত হৈছিল আৰু শুকুৰবাৰে নিশা খানক ধৰিবলৈ জাল তৰিছিল। নিশাৰ এই অভিযানত আৰক্ষী গুলীয়াগুলীতো লিপ্ত হয় বুলি জানিবলৈ দিছে উপায়ুক্তগৰাকীয়ে। সন্ত্ৰাসবাদীটোৰ হাতৰ পৰা এটা পিষ্টল আৰু IED উদ্ধাৰ কৰা হৈছে বুলি উপাযুক্তগৰাকীয়ে জনাইছে।
    Published by:Himangshu Bhuyan
    First published: