মুখ্যপৃষ্ঠা »খবৰ »দেশ »ভাৰতৰ কোন ৰাজ্যত নেটৱৰ্ক স্থাপনৰ চেষ্টা চলাইছে বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন ISISয়ে ?

ভাৰতৰ কোন ৰাজ্যত নেটৱৰ্ক স্থাপনৰ চেষ্টা চলাইছে বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন ISISয়ে ?

ভাৰতৰ ভিতৰত সৰ্বাধিক ISISৰ লিংকমেন থকা ৰাজ্যৰ শীৰ্ষত তামিলনাডু, উত্তৰপ্ৰদেশ আৰু কেৰালা, NIA ৰ তীব্ৰ অভিযানৰ বাবেই ভাৰতত কূটাঘাটত ব্যৰ্থ ISIS।

ভাৰতৰ ভিতৰত সৰ্বাধিক ISISৰ লিংকমেন থকা ৰাজ্যৰ শীৰ্ষত তামিলনাডু, উত্তৰপ্ৰদেশ আৰু কেৰালা, NIA ৰ তীব্ৰ অভিযানৰ বাবেই ভাৰতত কূটাঘাটত ব্যৰ্থ ISIS।

  • Share this:
বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন ISISৰ বহু কূটিল ষড়যন্ত্ৰ ব্যৰ্থ হৈছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ প্ৰচেষ্টাৰ বাবে। বিশ্বৰ বিভিন্ন প্ৰান্তত এই সন্ত্ৰাসবাদী সংগঠনটোৱে বহু কূটাঘাটৰ জৰিয়তে নিৰীহ লোকক হত্যাৰে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ভাৰতত NIAৰ বিচক্ষণ বিষয়াসকলৰ প্ৰচেষ্টাত বাৰে বাৰে ব্যৰ্থ হৈছে ISIS ।

ইছলামিক সন্ত্ৰাসবাদী সংগঠনটোৱে কেৰালাৰ বহু মুছলমান যুৱকক ছিৰিয়ালৈ নি প্ৰশিক্ষণৰ চেষ্টাও কৰিছিল। আইছিছৰ শ্লিপাৰ চেলৰ নেটৱৰ্ক ২০১৪ চনৰে ভাৰতত গঢ়ি উঠিছিল। পিছে এনআইএৰ অভিযানত এই বৃহৎ নেটৱৰ্কত থকা অধিকাংশ ব্যক্তিয়ে জালত পৰাৰ ফলশ্ৰুতিতে সন্ত্ৰাসবাদী সংগঠনটোৱে ভাৰত অশান্ত কৰাত ব্যৰ্থ হয়। আইছিছৰ শ্লিপাৰ চেলৰ ভিতৰত সৰ্বাধিক যুৱক গ্ৰেপ্তাৰ হৈছে তামিলনাডু, উত্তৰপ্ৰদেশ আৰু কেৰালাৰ পৰা। তালিকাৰ একেবাৰে শেষৰ স্থানত আছে জম্মু-কাশ্মীৰ আৰু পশ্চিমবংগ। জম্মু-কাশ্মীৰৰ যুৱকসকলে পাক মদতপুষ্ট লস্কৰ-ই-তৈবা, হিজবুল মুজাহিদীন আৰু এলইটিৰ দৰে সন্ত্ৰাসবাদী সংগঠনটোত অধিক পৰিমাণে যোগদান কৰাৰ বিপৰীতে পশ্চিমবংগত জেহাদৰ প্ৰতি আকৰ্ষিত যুৱকসকলে বাংলাদেশী ইছলামিক সন্ত্ৰাসবাদী সংগঠন হুজী, আনছাৰুল্লাহ বাংলা আদি সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰা দেখা গৈছে। ২০১৯ চনলৈকে আইছিছৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত তামিলনাডুত ৩৩জন, উত্তৰপ্ৰদেশত ১৯জন, কেৰালাত ১৭জন,তেলেঙ্গানাত ১৪জন, মহাৰাষ্ট্ৰত ১২জন, কৰ্ণাটকাত ৮জন, দিল্লীত ৭জন, উত্তৰাখণ্ডত ৪জন, পশ্চিমবংগত ৪জন আৰু জম্মু কাশ্মীৰত ৩জন যুৱকক NIA ৰ বিশেষ অভিযানকাৰী শাখাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

শেহতীয়া বাতৰি