মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»ISIS in India : ভাৰতত বাহৰ পাতিছে ISIS সন্ত্ৰাসবাদীয়ে, জম্মু-কাশ্মীৰত মেলিছে সন্ত্ৰাসৰ জাল।

ISIS in India : ভাৰতত বাহৰ পাতিছে ISIS সন্ত্ৰাসবাদীয়ে, জম্মু-কাশ্মীৰত মেলিছে সন্ত্ৰাসৰ জাল।

News18 Assam | News18-Assam
Updated:July 19, 2021, 10:36 PM IST
ISIS in India : ভাৰতত বাহৰ পাতিছে ISIS সন্ত্ৰাসবাদীয়ে, জম্মু-কাশ্মীৰত মেলিছে সন্ত্ৰাসৰ জাল।
ISISৰ এই গোটটোৱে গাজৱা-এ-হিন্দ (Ghazwa-e-Hind) নামৰ এক অভিযান পৰিকল্পনা কৰিছিল যাৰ মতে ছিৰিয়া (Syria)ৰ পৰা ISISৰ সুসজ্জিত সন্ত্ৰাসবাদীয়ে ক'লা পতাকা লৈ ভাৰত আক্ৰমণ কৰিব আৰু ভাৰতক এখন ইছলামিক দেশলৈ পৰিণত কৰিব।

ISISৰ এই গোটটোৱে গাজৱা-এ-হিন্দ (Ghazwa-e-Hind) নামৰ এক অভিযান পৰিকল্পনা কৰিছিল যাৰ মতে ছিৰিয়া (Syria)ৰ পৰা ISISৰ সুসজ্জিত সন্ত্ৰাসবাদীয়ে ক'লা পতাকা লৈ ভাৰত আক্ৰমণ কৰিব আৰু ভাৰতক এখন ইছলামিক দেশলৈ পৰিণত কৰিব।

  • Share this:
সোমবাৰে জম্মু-কাশ্মীৰত ISIS সন্ত্ৰাসবাদীৰ মূল হোতা কাছিম খোৰাছানিক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে ISISৰ ভয়ংকৰ তথ্য। খোৰাছানিৰ লগতে তেওঁৰ দুই সহযোগীকো গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰায় এবছৰ ধৰি সন্ত্ৰাসবাদীকেইটাৰ গতিবিধি অনুসৰণ কৰি থকাৰ পাছত সোমবাৰে গ্ৰেপ্তাৰ কৰে ভাৰতীয় চোৰাং চোৱাই। CNN-News18ৰ এক Exclusive বাতৰিত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য।

২০২০ চনৰ এপ্ৰিল মাহতেই ওমৰ নিশাৰ ভাট ওৰফে কাছিম খোৰাছানি, যি জম্মু-কাশ্মীৰত ISISৰ ভেটি গঢ়িবলৈ আহিছিল আৰু ISISত সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছিল, তেতিয়াই ভাৰতীয় চোৰাংচোৱাই এটা মেছেজিং এপৰ যোগেদি খোৰাছানিক চিনাক্ত কৰিছিল আৰু অনুসৰণ কৰি আছিল। প্ৰথমে খোৰাছানিয়ে আফগানিস্তানৰ খোৰাছন এলেকাৰ পৰা কাম কাজ চলাই আছিল বুলি অনুমান কৰা হৈছিল যদিও পিছলৈ এইটো প্ৰমাণ হয় যে খোৰাছানিয়ে অনন্তনাগৰ আচাবাল নামৰ ঠাইটুকুৰাৰ পৰাই ISISৰ কাম-কাজ কৰি আছিল। খোৰাছানিয়ে Swat Al-Hind নামৰ মেগাজিন এখন চলোৱাৰ বাহানাৰে টেলিগ্ৰাম এপযোগে নিজৰ সহযোগীৰ সৈতে যোগাযোগ ৰাখিছিল। এই মেগাজিন খনৰ যোগেদি খোৰাছানিয়ে ৱিলায়ত আল-হিন্দ অৰ্থাৎ ভাৰতত ইছলামিক প্ৰদেশ (Islamic State province in India) গঠনৰ কুচকাৱাজ কৰিছিল।

ৱিলায়ত আল-হিন্দ ২০১৯ চনত গঠন কৰা হৈছিল আৰু এই গোটটোৱে নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ বিৰুদ্ধে ভাৰতীয় মুছলমানক উচটনি দিয়া, বাবৰি মছজিদৰ নামত উচটনি দিয়া, কাশ্মীৰত মুছলমানৰ ওপৰত অত্যাচাৰ হোৱা বুলি উচটনি দিয়াকে ধৰি ভাৰতত মুজাহিদীনৰদ্বাৰা অস্থিৰ পৰিবেশৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছিল।

এই গোটটোৱে গাজৱা-এ-হিন্দ ( Ghazwa-e-Hind) নামৰ আন এক অভিযান আৰম্ভ কৰিছিল যাৰ অৰ্থ হ'ল ভাৰতৰ বিৰুদ্ধে অভিযান। এই পৰিকল্পনা মতে ছিৰিয়াৰ পৰা ISISৰ সুসজ্জিত সন্ত্ৰাসবাদীয়ে ক'লা পতাকা লৈ ভাৰত আক্ৰমণ কৰিব আৰু ভাৰতক এখন ইছলামিক দেশলৈ পৰিণত কৰিব।

Swat Al-Hind নামৰ মেগাজিনখনৰ এতিয়ালৈ ১৭টা ইছ্যু প্ৰকাশ হৈছে আৰু প্ৰথম ইছ্যুৰ পৰাই ই মূলত Citizenship Amendment Act (CAA) আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল আদিক সমালোচনা কৰি আহিছে। আনকি AIMIMৰ মূৰব্বী আছাদুদ্দিন ওৱাইছি আৰু কানহাইয়া কুমাৰকো সমালোচনা কৰিছে। মেহমুদ মাদানী আৰু মৌলানা আৰ্শ্বাদ মাদানীকো আক্ৰমণ কৰিছে এই আলোচনীখনে।

উল্লেখ্য যে খোৰাছানিৰ লগত গ্ৰেপ্তাৰ কৰা আন দুজন হৈছে তনবীৰ আহমদ ভাট আৰু ৰমীজ লোন লোন।
Published by: Manjumoni Borah
First published: July 19, 2021, 10:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি