ISৰ দাবী ভাৰতত 'ৱিলায়াহ অৱ হিন্দ' নামেৰে নতুন শাখা স্থাপন

ভাৰতৰ কোন ঠাইত এই শাখা খোলা হৈছে, সেইকথা IS-এ উল্লেখ কৰা নাই।

news18assam
Updated:May 12, 2019, 2:35 PM IST
ISৰ দাবী ভাৰতত 'ৱিলায়াহ অৱ হিন্দ' নামেৰে নতুন শাখা স্থাপন
ভাৰতৰ কোন ঠাইত এই শাখা খোলা হৈছে, সেইকথা IS-এ উল্লেখ কৰা নাই।
news18assam
Updated: May 12, 2019, 2:35 PM IST
ইছলামিক ষ্টেটৰ দাবী ভাৰতত প্ৰতিষ্ঠা কৰা হৈছে ৱিলায়াহ অৱ হিন্দ শাখা। মুখপত্ৰ 'অমাক'ৰ জৰিয়তে সন্ত্ৰাসবাদী সংগঠনটোৱে দেশত তেওঁলোকৰ নতুন শাখাৰ আৰৱী নামটো প্ৰকাশ কৰে। যোৱা ১০মে’ত সংগঠনটোৱে এই দাবী কৰে। সন্ত্ৰাসবাদী আৰু সুৰক্ষা কৰ্মীৰ সংঘৰ্ষৰ পিছত সন্ত্ৰাসবাদী সংগঠনটোৱে এই দাবী কৰিছে। ইছলামিক ষ্টেটৰ এই দাবী অৱশ্যে জম্মু কাশ্মীৰৰ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই অস্বীকাৰ কৰিছে। ইছলামিক চৰমপন্থীৰ ওপৰত কঠোৰ দৃষ্টি ৰখা এছআইটিৰ ইণ্টেল গোটৰ নিৰ্দেশক ৰীতা কাটজৰ মতে আমছিপুৰাত ভাৰতীয় সুৰক্ষাবাহিনীৰ সৈতে সংঘৰ্ষৰ দাবীৰে নতুন অঞ্চল ঘোষণা কৰিছে।  বাস্তৱিক নিয়ন্ত্ৰণ নথকাকৈ এনে দাবী কৰাটো অবান্তৰ কথা। অৱশ্যে এই দাবী উৰাই দিব পৰাও নহয়।

ভাৰতৰ কোন ঠাইত এই শাখা খোলা হৈছে সেই কথা সংগঠনটোৱে প্ৰকাশ কৰা নাই। চৰ্চা হৈছে যে পশ্চিম এছিয়াত নিজৰ ভৰিৰ তলৰ মাটি হেৰুৱাৰ পিছত পুনৰ নিজৰ দপদপনি আনিবলৈ এই শাখা খোলা হৈছে। এনেধৰণৰ ৰণনীতিৰ কথা ইছলামিক ষ্টেট মুৰব্বী অবু বকৰ অল বাগদাদীয়ে কৰি থৈছে।

মেছেজিং এপ টেলিগ্ৰামৰ জৰিয়তে সংগঠনটোৱে এই দাবী কৰিছিল যে উদ্যত মেচিনগান লৈ ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদীৰ সংঘাত হৈছিল ছোপিয়াঁ জিলাৰ অমচিপুৰা গাঁৱত। ইায়ত কেইবাটাও সন্ত্ৰাসবাদী নিহত হয় আৰু বহুকেইটা আহত হয়। অৱশ্যে এই সংঘৰ্ষৰ তাৰিখ উল্লেখ কৰা হোৱা নাই। সংবাদমাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ১০মে’ত কাশ্মীৰৰ ছোপিয়াঁ জিলাত নিৰাপত্তাবাহিনীৰ গুলীত এটা সন্ত্ৰাসবাদী নিহত হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি