বাংলাদেশত পঢ়ি থকা দেৱীন্দৰৰ দুই কন্যাৰ কাৰণে ধন যোগান ISIৰ, NIAৰ তদন্ত আৰম্ভ

News18 Assam | News18-Assam
Updated:January 20, 2020, 9:06 AM IST
বাংলাদেশত পঢ়ি থকা দেৱীন্দৰৰ দুই কন্যাৰ কাৰণে ধন যোগান ISIৰ, NIAৰ তদন্ত আৰম্ভ
ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এনআইএৰ তদন্তত এই কথা পোহৰলৈ আহিছে যে ২০১৯ত ডিএছপি দেৱীন্দৰ সিং তিনিদিনৰ কাৰণে বাংলাদেশলৈ গৈছিল আৰু তাত কেইবাদিনো আছিল। 

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এনআইএৰ তদন্তত এই কথা পোহৰলৈ আহিছে যে ২০১৯ত ডিএছপি দেৱীন্দৰ সিং তিনিদিনৰ কাৰণে বাংলাদেশলৈ গৈছিল আৰু তাত কেইবাদিনো আছিল। 

  • Share this:
পাকিস্তানী সন্ত্ৰাসবাদী হিজবুল মুজাহিদীনৰ সন্ত্ৰাসবাদীৰ সৈতে ধৰা পৰা আৰক্ষী বিষয়া দেৱীন্দৰ সিঙৰ ওপৰত এনআইএ লাহে লাহে খামোচ শক্তিশালী কৰি আনিছে। পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতেও দেৱীন্দৰৰ সুসম্পৰ্ক আছে বুলি এনআইএৰ সন্দেহ হৈছে। সূত্ৰমতে বাংলাদেশত অধ্যয়নৰত দেৱীন্দৰৰ দুই কন্যাৰ পঢ়াৰ খৰছ আইএছআই–এ দিয়ে।

ইংৰাজী খবৰ কাকত দ্যএছিয়ান এজৰ মতে দেৱীন্দৰে সোধা–পোচাৰ কালত এজন্সীৰ আগত কৈছে যে নৱীদ আহমেদৰ সৈতে তেওঁৰ বন্ধুত্ব সাত বছৰ পুৰণি। উল্লেখ্য যে, নৱীদ আহমেদে প্ৰথমে কনিষ্টবল হিচাপে আৰক্ষীত যোগদান কৰি পিছত এছপিঅ’ৰ অংশ হৈ পৰিছিল। তিনি বছৰ পূৰ্বে নৱীদ আহমেদে চাকৰি এৰি সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনত যোগদান কৰে।

তদন্তকাৰী বিষয়াসকলৰ মতে হিজবুলৰ কামাণ্ডাৰ নৱীদ বাবুৰ মুৰৰ মূল্য ২০ লাখ টকা আছিল কিন্তু দেৱীন্দৰে তেওঁৰ সুৰক্ষা ১২লাখ টকাত কৰি আছিল। দেৱীন্দৰৰ ৰক্ষণা–বেক্ষণৰ মাজতে বিগত কেবাবছৰত পাঁচ বছৰত তেওঁ পাঁচবাৰ পাকিস্তানলৈ অহা–যোৱা কৰিছিল।

ভাৰতত সন্ত্ৰাসবাদীক ৰক্ষণা–বেক্ষণ দিয়াসকল পাকিস্তানৰ আইএছআইৰ সদায় বুকুৰ কুটুম আৰু তেওঁক যথেষ্ট টকা–পইচা দিয়া হৈছিল ইয়াৰ কাৰণে। বাংলাদেশত পঢ়ি থকা দেৱীন্দৰৰ দুই কন্যাৰ পঢ়াৰ খৰছ দিয়াই নহয়। ২০১৯ত দেৱীন্দৰ সিং তিনিদিনৰ কাৰণে বাংলাদেশ ভ্ৰমণলৈও গৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading