মুখ্যপৃষ্ঠা »খবৰ »দেশ »যমজ সন্তানক লৈ ঘৰলৈ ওভতিল ঈশা আম্বানী, আম্বানী পৰিয়ালত আনন্দৰ জোৱাৰ

যমজ সন্তানক লৈ ঘৰলৈ ওভতিল ঈশা আম্বানী, আম্বানী পৰিয়ালত আনন্দৰ জোৱাৰ

যমজ সন্তানক লৈ ঘৰলৈ ওভতিল ইশা আম্বানী, আম্বানী পৰিয়ালত আনন্দৰ জোৱাৰ

যমজ সন্তানক লৈ ঘৰলৈ ওভতিল ইশা আম্বানী, আম্বানী পৰিয়ালত আনন্দৰ জোৱাৰ

ঈশাক আদৰিবলৈ ঘৰটো সুন্দৰকৈ সজাই তোলা হৈছে ঘৰ। যোৱা ১৯ নৱেম্বৰত আমেৰিকাত ঈশাই যমজ সন্তান জন্ম দিছিল। কেইদিনমানৰ পিছত ঘৰলৈ উভতি আহিল ঈশা আম্বানী।

  • Share this:
আজি আম্বানী পৰিয়ালত উঠিছে আনন্দৰ জোৱাৰ। শেহতীয়াকৈ মুকেশ-নীতা আম্বানী কন্যা ঈশা আম্বানী যমজ সন্তানৰ মাতৃ হৈ পৰিছে। শনিবাৰে দুয়োটা সন্তানৰ সৈতে মুম্বাইলৈ উভতি আহে ঈশা আম্বানী। নৱজাতকৰ লগতে মুকেশ আৰু নীতা আম্বানীয়ে দম্পতীহালক নিজৰ বাসগৃহলৈ আদৰণি জনায়। আম্বানীৰ কন্যাৰ যমজ ল’ৰা-ছোৱালীৰ প্ৰথম আভাস আজিৰ দিনটোতে এনেদৰে দেখা গ’ল।



মাতৃ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ঘৰলৈ আহিছে কন্যা ঈশা। সেইবাবেই ৰাতিপুৱাৰ পৰাই সকলো সজাই তোলা হৈছে। অৱশেষত অপেক্ষাৰ অন্ত পৰিল৷ যমজ সন্তান লৈ পিতৃ-মাতৃৰ গৃহত প্ৰৱেশ কৰিলে ঈশাই। বৰদিনৰ আগে আগে ঘৰলৈ উভতি আহিল কন্যা ঈশা, এতিয়া উৎসৱৰ বতৰত সুখৰ বন্যা আম্বানী পৰিয়ালত।

ঈশাক আদৰিবলৈ ঘৰটো সুন্দৰকৈ সজাই তোলা হৈছে ঘৰ। যোৱা ১৯ নৱেম্বৰত আমেৰিকাত ঈশাই যমজ সন্তান জন্ম দিছিল। কেইদিনমানৰ পিছত ঘৰলৈ উভতি আহিল ঈশা আম্বানী।

ভিডিঅ’টোত মুকেশ আৰু নীতা আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু আকাশ আম্বানীকে ধৰি পৰিয়ালৰ আন কেইবাজনো সদস্যক দেখা গৈছে। মুকেশ আম্বানীয়ে নিজেই জীয়েক আৰু জোঁৱাইক আনিবলৈ গৈছিল। আজিৰ দিনটোতে হলঘৰটো ফুল আৰু মূৰ্তিৰে সুন্দৰকৈ সজাই তোলা হৈছিল।

শেহতীয়া বাতৰি