মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»গাৰ্ল ফ্ৰেইণ্ডৰ সৈতে ৰোমাণ্টিক ট্ৰিপেই কাল হ'ল নেকি মেহুল চোকছিৰ? প্ৰেয়সীৰ প্ৰেমেই ৰঙাঘৰলৈ নিলে নেকি চোকছিক?

গাৰ্ল ফ্ৰেইণ্ডৰ সৈতে ৰোমাণ্টিক ট্ৰিপেই কাল হ'ল নেকি মেহুল চোকছিৰ? প্ৰেয়সীৰ প্ৰেমেই ৰঙাঘৰলৈ নিলে নেকি চোকছিক?

News18 Assam | News18-Assam
Updated:May 30, 2021, 8:37 PM IST
গাৰ্ল ফ্ৰেইণ্ডৰ সৈতে ৰোমাণ্টিক ট্ৰিপেই কাল হ'ল নেকি মেহুল চোকছিৰ? প্ৰেয়সীৰ প্ৰেমেই ৰঙাঘৰলৈ নিলে নেকি চোকছিক?
Mehul Choksi (File Photo- PTI)

মেহুল চোকছিক মঙলবাৰে অভৈধভাৱে কেৰিবিয়ান দ্বীপ ডমিনিকাত প্ৰৱেশ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল।

  • Share this:
১৩ হাজাৰ ৫০০ কোটি টকা আত্মসাৎ কৰি দেশ এৰি বিদেশলৈ পলাই গৈ বিলাসী জীৱন কটাই তকা পলাতক মেহুল চোকছি দ্বীপ দেশ ডমিনিকাত গ্ৰেপ্তাৰ হোৱাৰ বাতৰিয়ে লৈছে এক আমোদজনক মোৰ। শেহতীয়া এক বাতৰি মতে ডমিনিকালৈ পলাই যোৱা নাছিল মেহুল চোকছি। আচলতে নিজৰ গাৰ্ল ফ্ৰেইণ্ডক লৈ ৰোমাণ্টিক ভ্ৰমণৰ বাবেহে হেনো চোকছি গৈছিল ডমিনিকালৈ। এণ্টিগুৱা আৰু বাৰ্বুদাৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে “চোকছিয়ে সম্ভৱত গাৰ্ল ফ্ৰেইণ্ডক লগত লৈ ডমিনিকালৈ ৰোমাণ্টিক ট্ৰিপত গৈছিল।" এণ্টিগুৱা নিউজ ৰূমে (Antigua News Room) দেওবাৰে এই বাতৰি প্ৰকাশ কৰিছে।

বেংক প্ৰৱঞ্চক পলাতক মেহুল চোকছিক মঙলবাৰে অভৈধভাৱে কেৰিবিয়ান দ্বীপ ডমিনিকাত প্ৰৱেশ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল। ভাৰতৰ পৰা পলায়ন কৰাৰ পাছৰ পৰা ডমিনিকাৰ চুবুৰীয়া দেশ এণ্টিগুৱা আৰু বাৰ্বুদাত আশ্ৰয় লৈ আছিল চোকছি। দেওবাৰে নিশাৰ পৰাই হঠাৎ এণ্টিগুৱাৰ পৰা অন্তৰ্ধান হৈছিল চোকছি। এই বাতৰি প্ৰচাৰ হোৱ লগে লগেই কোনোবাই তেওঁক অপহৰণ কৰা বুলি নিজৰ এখন জাল ছবিও প্ৰচাৰৰ কৰিছিল চতুৰ চোকছিয়ে।

উল্লেখ্য যে মেহুল চোকছি আৰু ভতীজাক নীৰৱ মোদীয়ে পঞ্জাৱ নেচনেল বেংকৰ ১৩,৫০০ কোটি টকা আত্মসাৎ কৰি দেশ এৰি পলায়ন কৰাাৰ পাছৰে পৰা ৱাণ্টেড হৈ আছে। ২০১৭ চনত চোকছিয়ে এণ্টিগুৱা আৰু বাৰ্বুদাৰ নাগৰিকত্বগ্ৰহণ কৰিছিল। তাৰ পাছতে ২০১৮ চনৰ জানুৱাৰীত গোপনে ভাৰত ত্যাগ কৰিছিল। দুয়োজনৰ বিৰুদ্ধে চিবিআই (CBI )য়ে তদন্ত কৰি আছে।
Published by: Manjumoni Borah
First published: May 30, 2021, 8:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি