ৰাষ্ট্ৰপতি শাসনৰ দিশে মহাৰাষ্ট্ৰ! কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ ৰাজ্যপালৰ

News18-Assam
Updated:November 12, 2019, 2:07 PM IST
ৰাষ্ট্ৰপতি শাসনৰ দিশে মহাৰাষ্ট্ৰ! কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ ৰাজ্যপালৰ
Source-Google

কোনে মহাৰাষ্ট্ৰত কৰিব চৰকাৰ গঠন? এখোজ আগুৱাই, দুখোজ পিছুৱাইছে বিজেপি আৰু শিৱসেনা

  • Share this:
কোনে মহাৰাষ্ট্ৰত কৰিব চৰকাৰ গঠন? এখোজ আগুৱাই, দুখোজ পিছুৱাইছে বিজেপি আৰু শিৱসেনা। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ২০ দিন পিছতো গঠন হোৱা নাই চৰকাৰ। শিৱসেনাই চৰকাৰ গঠনৰ সময়সীমা বৃদ্ধি কৰিবলৈ ৰাজ্যপালক অনুৰোধ জনাইছিল যদিও, সেই দাবী নস্যাৎ কৰিলে ৰাজ্যপাল ভগত সিং ক’শয়াৰীয়ে।

শিৱসেনাৰ নেতা তথা নৱনিযুক্ত বিধায়ক আদিত্য থাকৰেই সোমবাৰে কংগ্ৰেছ আৰু NCP ৰ সমৰ্থনত চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰিছে বুলি চৰ্চালৈ আহিছিল যদিও, এতিয়া প্ৰায় শেষ হৈছে সেই আশা। ফলত এতিয়া ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন হোৱাৰ সম্ভাৱনাই প্ৰৱল। ৰাজ্যপাল ভগত সিঙে ইতিমধ্যে ৰাষ্ট্ৰপতি শাসন বিচাৰি কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।
First published: November 12, 2019, 2:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading