নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব মণিপুৰৰ লৌহমানৱী ইৰম শৰ্মিলাই। এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইটানগৰত উপস্থিত হোৱা ইৰম শৰ্মিলাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাইজক সুধিব লাগিছিল চৰকাৰে। গতিকে মই এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম।
মণিপুৰৰ বিভিন্ন সমস্যা সমাধানৰ বাবে সদায় প্ৰতিবাদ কৰা সাহসী নাৰী ইৰম শৰ্মিলাই স্বামীৰ সৈতে শুকুৰবাৰে উপস্থিত হয় অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত। উল্লেখযোগ্য যে মণিপুৰত AFSPA প্ৰত্যাহাৰৰ দাবীত ১০ বছৰৰো অধিক কাল অনশন কৰিছিল ইৰম শৰ্মিলাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 26, 2019, 13:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।