মাত্ৰ ১০ হাজাৰ টকাতে ফুৰি আহক গোৱা! অফাৰৰ বিষয়ে জানো আহক...

কম খৰচতে যদি আপুনি গ্ৰীষ্মকালীন বন্ধত ফুৰিবলৈ যাবৰ বাবে প্লেন বনাই আছে তেন্তে IRCTC-এ দি আছে সুলভ মূল্যৰ অফাৰ

Dulu Medhi | news18assam
Updated:April 28, 2019, 12:41 PM IST
মাত্ৰ ১০ হাজাৰ টকাতে ফুৰি আহক গোৱা! অফাৰৰ বিষয়ে জানো আহক...
IRCTCৰ বিশেষ পেকেজ
Dulu Medhi | news18assam
Updated: April 28, 2019, 12:41 PM IST
কম খৰচতে যদি আপুনি গ্ৰীষ্মকালীন বন্ধত কৰবালৈ ফুৰিব যাবৰ বাবে প্লেন বনাই আছে তেন্তে IRCTC-এ দি আছে সুলভ মূল্যৰ অফাৰ। আপুনি আনন্দৰে গৰম বন্ধৰ দিনকেইটা অতিবাহিত কৰিবলৈ IRCTC-এ লৈ আহিছে আকৰ্ষণীয় পেকেজ। এই পেকেজৰ নাম হ’ল VACATION SPECIAL SZBD354 । এই পেকজটোৰে আপুনি ফুৰিব পাৰিব গোৱা–হায়দৰাবাদ–পুৰী–ক’নাৰ্ক আৰু কলকাতাৰ দৰে সুন্দৰ স্থানসমূহ।

এই পেকেজত পাব এই সুবিধাসমূহ
আপোনালোকৰ জ্ঞাতাৰ্থে IRCTCৰ এই পেকেজেৰে ৰে’ল যাত্ৰাহে কৰিব পাৰিব। যাত্ৰাৰ আৰম্ভণি ২০ মে’ৰ আৰম্ভ হ’ব।

এই ৰে’লখনে কৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু অন্ত পৰিব ক’ত?
ৰে’লৰ বৰ্ডিং ষ্টেচনসমূহ হ’ল মাদুৰাই, ত্ৰিবনদ্ৰম, ক’ল্লাম, কৌটায়ম, এৰ্নাকুলম চহৰ, ত্ৰিশশূৰ, শৌৰানুৰ জাংচন, কৌজিকৌৰ, কুন্নুৰ, কাছাৰগৌড় আৰু ডি–বৰ্ডিং ষ্টেচনসমূহ হ’ল পলক্ড, ত্ৰিশশূৰ, এৰ্নাকুলম, কৌটায়ম, ত্ৰিবনদ্ৰম আৰু মাদুৰাই।

আপোনাৰ খৰচ হ’ব
IRCTCৰ গৰম বন্ধৰ এই বিশেষ পেকেজটোত প্ৰতিগৰাকী লোকৰ খৰচ পৰিব ১০,৩৯৫ টকা। অধিক তথ্য জানিবলৈ আপুনি IRCTCৰ ৱেবছাইট খুলিব পাৰে। 
আৰু চাওক পৰৱৰ্তী বাতৰি