ইয়াত আপুনি ঘূৰাৰ লগতে থকা আৰু খোৱাৰ ব্যৱস্থাও লাভ কৰিব। আহক জানো এই পেকেজৰ বিষয়ে।
ইয়াত আপুনি ঘূৰাৰ লগতে থকা আৰু খোৱাৰ ব্যৱস্থাও লাভ কৰিব। আহক জানো এই পেকেজৰ বিষয়ে।
যদি বৰ্তমান সময়ত আপুনি বাহিৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। এতিয়া আপুনি ভাৰতীয় ৰে’লৱেৰ সৈতে টেনচন ফ্ৰী হৈ ফুৰাৰ পৰিকল্পনা কৰিব পাৰে। IRCTC–এ আপোনাৰ বাবে বিশেষ অফাৰ লৈ আহিছে। এই অফাৰত হৰিদ্বাৰ, বৈষ্ণো দেৱীসহ ৬ সুন্দৰ স্থান অন্তৰ্ভুক্ত। এই ট্যুৰ পেকেজ ৯ দিন আৰু ৮ নিশাৰ হ’ব। IRCTCৰ মতে, এই ট্যুৰ ৩১ অক্টোবৰত ৰাজকোটৰ পৰা আৰম্ভ হ’ব।
এই ৯ দিনৰ পেকেজৰ বাবে আপোনাৰ কেৱল ৮,৫০৫ টকা খৰচ কৰিব লাগিব। ইয়াত আপুনি ঘূৰাৰ লগতে থকা আৰু খোৱাৰ ব্যৱস্থাও লাভ কৰিব। আহক জানো এই পেকেজৰ বিষয়ে।
কিমান দিনৰ বাবে এই পেকেজ?
IRCTCৰ এই ট্যুৰ পেকেজত আপোনাক ভাৰত দৰ্শন কৰোৱা হ’ব। ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড ট্যুৰিজম কৰ্প’ৰেচন (IRCTC)–এ ৩১ অক্টোবৰৰ পৰা North Darshan Yatraৰ আৰম্ভ কৰিব। যিটো ৩১ অক্টোবৰৰ পৰা আৰম্ভ হৈ ৮ নৱেম্বৰত শেষ হ’ব।
কি সুবিধা থাকিব?
ইয়াত আপোনাক ধৰ্মশালা–হলত নিশা বিশ্ৰামৰ লগতে ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰৰ সুবিধা দিয়া হ’ব।
এই স্থানত ফুৰাৰ সুবিধা পাব
আপুনি ৯ দিন আৰু ৮ নিশাৰ নৰ্থ দৰ্শন পেকেজত অমৃতসৰ, হৰিদ্বাৰৰ দৰে কেইবাখনো চহৰ ফুৰিব পাৰিব। এই পেকেজত যাত্ৰীয়ে অমৃতসৰ, হৰিদ্বাৰ, মথুৰা, ঋষিকেশ, বৈষ্ণো দেৱী আৰু উজ্জেইন দৰ্শনৰ সুবিধা পাব।
এই চহৰৰ পৰা আৰম্ভ হ’ব যাত্ৰা
ৰাজকোট জংছন, সুৰেন্দ্ৰ নগৰ, ভীৰমগাম, মেহছানা, কলোল, সবৰমতী, আনন্দ, ছায়াপুৰী, গোধৰা, দাহোদ, ৰতলাম, নাগদা।
কেনেকৈ কৰিব পাৰিব বুকিং
আইআৰচিটিচিৰ অফিচিয়েল ৱেবছাইট https://www.irctc.co.in/ৰ জৰিয়তে আপুনি বুকিং কৰিব পাৰিব। আপুনি আইআৰচিটিচি পৰ্যটক সুবিধা কেন্দ্ৰ (IRCTC Tourist Facilitation Centre), ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰাও বুকিং কৰিব পাৰিব। এই পেকেজৰ নাম Uttar Darshan (WZPSTT10)।
কিমান লাগিব ভাড়া?
যদি ভাৰাৰ কথা ক’বলৈ যাওঁ, তেন্তে শ্লিপাৰৰ ভাড়া ৮,৫০৫ টকা, AC 3ৰ ভাড়া ১৪,১৭৫ টকা। পাঁচ বছৰৰ ওপৰৰ শিশুৰ বাবেও লাগিব টিকট।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|