ইতিমধ্যে ভাৰতীয় ৰেল বিভাগে বেচৰকাৰী ট্ৰেইন চলোৱাৰ উদ্যোগ লৈছে। তাৰ মাজতে এইবাৰ ভাৰতীয় ৰে’লৰ সংস্থা IRCTCত নিজৰ শ্বেয়াৰৰ অংশ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।
![]()
Source-Google
CNBC আৱাজে লাভ কৰা তথ্য অনুসৰি, IRCTCত ‘Offer For Sale’ৰ জৰিয়তে বিক্ৰী কৰিব নিজৰ অংশীদাৰিত্ব। ইতিমধ্যে IRCTCত থকা চৰকাৰৰ অংশীদাৰিত্ব বিক্ৰীৰ বাবে বিজ্ঞাপন জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিভাগে। কিন্তু কিমান শতাংশ আসন বিক্ৰী কৰিব, সেয়া জানিব পৰা হোৱা নাই।
IRCTCৰ মাধ্যমেৰে অনলাইনৰ জৰিয়তে ৰে’লৰ টিকট বুকিং কৰা হয়। বৰ্তমান IRCTCত কেন্দ্ৰীয় চৰকাৰৰ ৮০ শতাংশতকৈও অধিক অংশীদাৰিত্ব আছে। তাৰ ভিতৰত কমেও ১০ শতাংশ শ্বেয়াৰ বিক্ৰী কৰিব পাৰে চৰকাৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|