ৰে’লৰ টিকট হেৰালে যাত্ৰাত বাধা দিব নোৱাৰিব TTE–এ, জানি লওক এইকেইটা নিয়ম

যদি আপুনি ভুলতে ৰে’লৰ টিকট ঘৰতে এৰি গ’ল নাইবা ৰিজাৰ্ভেচন টিকট হেৰুৱাই পেলায় তেতিয়া আপুনি কি কৰিব?

news18assam
Updated:June 2, 2019, 11:23 AM IST
ৰে’লৰ টিকট হেৰালে যাত্ৰাত বাধা দিব নোৱাৰিব TTE–এ, জানি লওক এইকেইটা নিয়ম
যদি আপুনি ভুলতে ৰে’লৰ টিকট ঘৰতে এৰি গ’ল নাইবা ৰিজাৰ্ভেচন টিকট হেৰুৱাই পেলায় তেতিয়া আপুনি কি কৰিব?
news18assam
Updated: June 2, 2019, 11:23 AM IST
ৰে’ল যাত্ৰা সাধাৰণতে মিতব্যয়ী আৰু আৰামদায়ক। কিন্তু বিপদ তেতিয়া আহে যেতিয়া ৰে’ল যাত্ৰাৰ সময়ত আপুনি হেৰুৱাই পেলাই আপোনাৰ টিকট। কিছুমান নিয়ম নজনাৰ বাবে লোকচানৰ সন্মুখীন হয় ৰে’লযাত্ৰী। সেয়েহে আজি আমি আপোনালোকক জনাম কেইটামান নিয়মৰ বিষয়ে, যিসমূহ আপোনাৰ বাবে অতি প্ৰয়োজনীয়। যদি আপুনি ভুলতে ৰে’লৰ টিকট ঘৰতে এৰি গ’ল নাইবা ৰিজাৰ্ভেচন টিকট হেৰুৱাই পেলায় তেতিয়া আপুনি কি কৰিব? ইয়াৰ বাবে ৰে’ল বিভাগত আছে নীতি–নিয়ম।

১. যদি আপুনি ৰে’লৰ টিকট হেৰুৱাইছে TTE–এ হাৰাশাস্তি কৰিব নোৱাৰে আপোনাক। যদি আপুনি ৰে’ল যাত্ৰাৰ বাবে ই–টিকট লৈছে আৰু ৰে’লত বহাৰ পিছত আপুনি জানিব পাৰিলে যে টিকটখন হেৰাই গ’ল তেতিয়াহ’লে আপুনি ৫০ টকাৰ জৰিমনা দি টিকট সংগ্ৰহ কৰি ল’ব পাৰে।

২. যদি যাত্ৰীৰ ওচৰত প্লেটফৰ্ম টিকট থাকে তেন্তে তেওঁ সেই টিকটেৰে যাত্ৰা কৰিব পাৰে। যদি জৰুৰীকালীন অৱস্থাত ৰে’লযাত্ৰা কৰিবলগীয়া হয় তেন্তে সোনকালে TTEৰ সৈতে যোগাযোগ কৰি টিকটৰ বাবে অনুৰোধ কৰা উচিত। তেনে পৰিস্থিতিত যাত্ৰীৰ পৰা ২৫০ টকাৰ জৰিমনা আৰু যাত্ৰাৰ ভাৰা লোৱা হ’ব। প্লেটফৰ্ম টিকটৰ ইমানেই লাভ যে যাত্ৰীৰ পৰা ভাৰা সংগ্ৰহ কৰৰা সময়ত নামিবলগীয়া ষ্টেচন সেইটোৱে ধৰা হ’ব য’ৰ পৰা প্লেটফৰ্ম টিকট লৈছিল। ভাৰাও সেইমতেই লোৱা হয়।

৩. ৰে’ল ঢুকি নাপালে ধন ঘূৰাই পাব আপুনি। যদি আপুনি নিৰ্দিষ্ট সময়ৰ ৰে’লখন ঢুকি নাপালে তেন্তে টিডিআৰ প্ৰ–পত্ৰ পূৰণ কৰি নিজৰ টিকটৰ মুঠ ধনৰ ৫০ শতাংশ ঘূৰাই পাব পাৰে। কিন্তু আপুনি এই কাম নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিব লাগিব।

৪. যদি আপুনি ৰে’ল ঢুকি নাপায় তেন্তে TTE–এ পৰৱৰ্তী দুটা ষ্টেচনলৈ আপোনাৰ আসনত কোনো যাত্ৰীক বহাৰ অনুমতি দিব নোৱাৰে। পৰৱৰ্তী দুটা ষ্টেচনত ৰে’লতকৈ আগত উপস্থিত হৈ আপুনি যাত্ৰা কৰিব পাৰিব। কিন্তু দুটা ষ্টেচনৰ পিছত TTE–এ অন্য যাত্ৰীক আপোনাৰ আসনত বহাৰ অনুমতি দিব পাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি