IPL 2020- স্বপ্ন ভংগ হ’ল দিল্লীৰ, পঞ্চমবাৰলৈ খিতাপ জয় কৰিলে মুম্বাই ইণ্ডিয়ানছে

News18 Assam | News18-Assam
Updated:November 10, 2020, 11:41 PM IST
IPL 2020- স্বপ্ন ভংগ হ’ল দিল্লীৰ, পঞ্চমবাৰলৈ খিতাপ জয় কৰিলে মুম্বাই ইণ্ডিয়ানছে
source-Google

মঙলবাৰে অনুষ্ঠিত হোৱা ফাইনেল মেচখনত দিল্লী কেপিটেলছক ৫ উইকেটত পৰাস্ত কৰে ৰোহিত শৰ্মাৰ নেতৃত্বাধীন দলটোৱে।

  • News18 Assam
  • Last Updated: November 10, 2020, 11:41 PM IST
  • Share this:
স্বপ্ন ভংগ হ’ল দিল্লী কেপিটেলছৰ! কোৰোণাৰ ভয়াৱহতাৰ বাবে আৰবত অনুষ্ঠিত হোৱা চলিত বৰ্ষৰ আই পি এলৰ খিতাপ জয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। মঙলবাৰে অনুষ্ঠিত হোৱা ফাইনেল মেচখনত দিল্লী কেপিটেলছক ৫ উইকেটত পৰাস্ত কৰে ৰোহিত শৰ্মাৰ নেতৃত্বাধীন দলটোৱে।

মেচখনত প্ৰথমে বেট ধৰি দিল্লী কেপিটেলছে নিৰ্ধাৰিত ২০ অ’ভাৰত ৭টা উইকেট হেৰুৱাই ১৫৬ ৰান সংগ্ৰহ কৰে। দিল্লীৰ হৈ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক ৬৫ ৰানৰ ইনিংছ খেলে। সেইদৰে ৰিশভ পণ্টেও ৫৬ ৰানৰ বৰঙণি আগবঢ়ায়।

ইয়াৰ প্ৰত্যুত্তৰত ১৫৭ ৰানৰ লক্ষ্য আগত ৰাখি ইনিংছ আৰম্ভ কৰা মুম্বাই ইণ্ডিয়ানছে ১৮.৪ অ’ভাৰতে পাঁচটা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। মুম্বাইৰ হৈ সৰ্বাধিক ৬৮ ৰানৰ ইনিংছ খেলে অধিনায়ক ৰোহিত শৰ্মাই।

ইয়াৰ লগে লগে মুম্বাই ইণ্ডিয়ানছে পঞ্চমবাৰলৈ জয় কৰিলে আই পি এলৰ খিতাপ।
Published by: Himangshu Bhuyan
First published: November 10, 2020, 11:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading