আই পি এলত বিহু। কিছুদিন পূৰ্বে এখন খেলত জয়লাভ কৰাৰ পিছতে অসমৰ খেলুৱৈ ৰিয়ান পৰাগে নাচিছিল বিহু। খেলখনত দুটা বলত দুই ৰান প্ৰয়োজন হোৱাৰ সময়তে ছিক্সাৰ মাৰি দলক জয়ী কৰাইছিল ৰিয়ানে। জয়লাভ কৰাৰ লগে লগেই ৰিয়ানে বেট–হেলমেট থৈ আনন্দতে খেলপথাৰত নাচিছিল বিহু। এই ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত।
ৰিয়ানৰ এই বিহু নৃত্যই আমোদ দিছিল দলৰ সতীৰ্থসকলকো। আনকি খেলখনৰ শেষত ধাৰাভাষ্যকাৰেও ৰিয়ানক এই নাচৰ কথা সুধিছিল। তেতিয়া ৰিয়ানে গৌৰৱেৰে বুজাই দিছিল বহু নৃত্যৰ কথা।
শেহতীয়াকৈ ৰিয়ানৰ পিছত ৰাজস্থান ৰয়েলছৰ আন এগৰাকী খেলুৱৈয়ে খেলপথাৰত নাচিলে বিহু। ৰিয়ানক অনুসৰণ কৰি এইবাৰ বিহু নাচিলে দলটোৰ খেলুৱৈ জাফ্ৰা আৰ্চৰে।
এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে আইপিএলৰ টুইটাৰ হেণ্ডেলত। মুঠৰ ওপৰত এতিয়া ৰাজস্থান ৰয়েল্ছ দলত বিহুৰ উন্মাদনা!
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|