IPL 2020ত উজলিব গুজৰাটৰ টেম্প' চালকৰ পুত্ৰ! ১.২ কোটি টকাত ক্ৰয় কৰিলে ৰাজস্থান ৰয়েলছে

News18 Assam | News18-Assam
Updated:February 19, 2021, 4:03 PM IST
IPL 2020ত উজলিব গুজৰাটৰ টেম্প' চালকৰ পুত্ৰ! ১.২ কোটি টকাত ক্ৰয় কৰিলে ৰাজস্থান ৰয়েলছে
আই পি এল ২০২০ত নেট বলাৰৰ ৰূপত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু চমুকৈ RCB ৰ দলৰ সৈতে আছিল চেতন।

আই পি এল ২০২০ত নেট বলাৰৰ ৰূপত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু চমুকৈ RCB ৰ দলৰ সৈতে আছিল চেতন।

  • Share this:
চলি আছে IPLৰ নিলাম প্ৰক্ৰিয়া।  নামী-দামী তাৰকাৰ লগতে উদীয়মান ক্ৰিকেটাৰকো ক্ৰয়ৰ প্ৰক্ৰিয়া চলি আছে। ৰাজস্থান ৰয়েলছ চমুকৈ RR-এ এইবাৰ IPLৰ বাবে ১.২ কোটি টকাৰে   ক্ৰয় কৰিছে চৈতন চাকাৰিয়া নামি এগৰাকী উদীয়মান ফাষ্ট বলাৰক।

চেতন চাকাৰিয়া হৈছে সৌৰাষ্ট্ৰৰ ভৱনগৰৰ ভাৰতেজ গাঁৱৰ ফাষ্ট বলাৰ। শিশুকালৰ পৰাই ক্ৰিকেটৰ প্ৰতি আগ্ৰহ আছিল চাকাৰিয়াৰ।  কিন্তু  বিত্তীয় সীমাবদ্ধতাই তেওঁৰ ক্ৰিকেটাৰ হোৱাৰ সপোন ভাঙি পেলাইছিল। যদিও চৈতনৰ খুৰাক মনসুখভায়ে তেওঁক এটা অংশকালীন চাকৰি দিছিল আৰু তেনেকৈয়ে তেওঁ ক্ৰিকেট খেলি গৈছিল ।

তাৰ পৰৱৰ্তী সময়ত চৈতনে আৰু ঘূৰি চাবলগীয়া হোৱা নাছিল। যাৰবাবে এইবাৰ IPLৰ Auctionত ১.২ কোটি টকাত বিক্ৰী হৈছে চৈতন। ২২ বছৰীয়া ফাষ্ট বলাৰজনে চৈয়দ মুস্তাক আলী ট্ৰফীত ৪.৯০ৰ ইকনমিৰে ১২ টা উইকেট খল কৰিছিল। চেতন চাকাৰিয়াই শেহতীয়াকৈ নিউজ ১৮ গুজৰাটৰ সৈতে তেওঁৰ ক্ৰিকেট যাত্ৰাৰ বিষয়ে সকলো কথা বিবৰি কৈছিল।

প্ৰতিভাৰ অধিকাৰী চেতনে কৈছিল "মই ১৩-১৪ বছৰ বয়সত ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিলো। মোৰ দেউতা কাঞ্জিভায়ে টেম্প' চলাইছিল আৰু মোৰ মা বৰ্ষাবেন হৈছে এগৰাকী হাউচ ৱাইফ। কম বয়সৰ পৰাই পঢ়াত ভাল আছিলো আৰু যাৰ বাবে মা-দেউতাই মোক ভালকৈ অধ্যয়ন কৰি আগবাঢ়ি যাবলৈ কৈছিল আৰু মই এগৰাকী বিষয়া হোৱাটো বিচাৰিছিল। মই বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈছো কিন্তু মই পৰৱৰ্তী সময়ত অধ্যয়ন কৰিব নোৱাৰিলো।"

ফাষ্ট বলাৰ হোৱা সম্পৰ্কত চৈতনে কয়, "যুৱৰাজ সিং মোৰ প্ৰিয় খেলুৱৈ আৰু মই তেওঁক আদৰ্শ হিচাপে মানো । যদিও মই এজন ফাষ্ট বলাৰ হৈছিলো, ইয়াৰ আঁৰৰ কাহিনীটোও কিন্তু বেলেগ। যেতিয়া পাকিস্তান ২০১০ চনত ভাৰতলৈ আহিছিল, জুনাইদ খানে খুব ভালকৈ  বলিং কৰিছিল। তেওঁ বিৰাট কোহলীকে ধৰি আমাৰ বহুতো তাৰকাক বল কৰিছিল। তেতিয়া মই সেই বলিঙত অতি প্ৰভাৱিত হৈছিলো আৰু তেওঁৰ কাৰ্য অনুসৰণ কৰি মই এজন দ্ৰুত বলাৰ হৈ পৰিছিলো।'

'যেতিয়া মই স্কুলত পঢ়ি থকাৰ সময়ত মই মনে মনে ক্ৰিকেট খেলিছিলো। কিন্তু তেতিয়া  মোৰ পৰিয়ালে মোৰ ওপৰত অতিপাত খং কৰিছিল। মই জিলাভিত্তিক খেলৰ বাবে  মোৰ ব'ৰ্ডৰ পৰীক্ষাটো এৰি দিছিলো, কিন্তু মই বাছনি হ'ব নোৱাৰিলো। অৱশ্যে, সেই সময়ত মোৰ প্ৰদৰ্শন ৰাজ্যিক দলত বাছনি হোৱাৰ বাবে  যথেষ্ট ভাল নাছিল।'

লগতে নিজৰ প্ৰশিক্ষণ সম্পৰ্কত চৈতনে কয় যে, তেওঁ চেন্নাইৰ এম আৰ এফ একাডেমীত প্ৰবীণ অষ্ট্ৰেলিয়াৰ ফাষ্ট বলাৰ গ্লেন মেকগ্ৰাথৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। যিয়ে তেওঁৰ গতি আৰু চুইঙত প্ৰভাৱিত কৰিছিল আৰু কেনেকৈ বলটো ১৩০ৰ গতিত নিৰন্তৰভাৱে চুইং কৰিব লাগে সেয়াও শিকাইছিল।

আই পি এল ২০২০ত নেট বলাৰৰ ৰূপত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু চমুকৈ RCBৰ দলৰ সৈতে আছিল চেতন। এই সম্পৰ্কত তেওঁ কয় যে, 'আমি নেট বলাৰসকল একেলগে আছিলো আৰু কোনো এগৰাকী আঘাতপ্ৰাপ্ত হ'লে তেওঁলোকক প্ৰতিনিধিত্ব কৰিছিলো | RCB ৰ সৈতে নেট বলাৰ হিচাপে চুক্তিবদ্ধ হৈছিলো মই। ২.৫ মাহ ডুবাইত আছিলো আৰু তাত বহু কথাই শিকিছিলো। ডেল ষ্টেইনৰ সৈতেও  সময় কটাবলৈ সুবিধা পাইছিলো | চাইমন কাটিচেও মোক সহায় কৰিছিল | যেতিয়া আপুনি বিৰাট কোহলী বা এবি ডি ভিলিয়ৰ্ছক বল কৰে, তেতিয়া আত্মবিশ্বাস নিজেই আহি যায়।'
Published by: Himangshu Bhuyan
First published: February 19, 2021, 4:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি