• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘হ’ব আৰু! প্লীজ অৱসৰ লৈ লোৱা’- IPLৰ পৰা বাহিৰ হোৱাৰ পিছতে ছচিয়েল মিডিয়াত ট্ৰ’ল বিৰাট কোহলী

‘হ’ব আৰু! প্লীজ অৱসৰ লৈ লোৱা’- IPLৰ পৰা বাহিৰ হোৱাৰ পিছতে ছচিয়েল মিডিয়াত ট্ৰ’ল বিৰাট কোহলী

IPL 2020: শুকুৰবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে পৰাজয়বৰণ কৰাৰ পিছতে টুইটৰাত ‘থেংক ইউ কোহলী’ ট্ৰেণ্ড হৈছে।

IPL 2020: শুকুৰবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে পৰাজয়বৰণ কৰাৰ পিছতে টুইটৰাত ‘থেংক ইউ কোহলী’ ট্ৰেণ্ড হৈছে।

IPL 2020: শুকুৰবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে পৰাজয়বৰণ কৰাৰ পিছতে টুইটৰাত ‘থেংক ইউ কোহলী’ ট্ৰেণ্ড হৈছে।

  • Share this:
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চলিত আই পি এল ছিজনৰ পৰা বাহিৰ হ’ল। অধিনায়ক বিৰাট কোহলীয়ে পুনৰ এবাৰ আৰ চি বিৰ অনুৰাগীৰ সপোন ভাঙিলে। শুকুৰবাৰে বিৰাটৰ টীম আৰু ছানৰাইজ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হোৱা মেচত আৰ চি বি পৰাস্ত হ’ল। পৰাজয়ৰ পিছতে আৰ চি বিৰ অনুৰাগী সকল ক্ষোভিত হৈ পৰিছে।



ছচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হৈছে কোহলী। আনকি আই পি এলৰ পৰা অৱসৰ ল’বলৈও পৰামৰ্শ দিছে কোহলীক। শুকুৰবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে পৰাজয়বৰণ কৰাৰ পিছতে টুইটৰাত ‘থেংক ইউ কোহলী’ ট্ৰেণ্ড হৈছে।



চলিত আই পি এলত আৰ চিবিয়ে প্ৰথম অৱস্থাত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল। ১০ খন মেচৰ ৭ খন মেচত জয়লাভ কৰিছিল। কিন্তু ইয়াৰ পিছত একেৰাহে ৫ খন মেচত পৰাস্ত হয়। যদিও যেনে তেনে প্লে অ’ফত প্ৰৱেশ কৰে, তথাপিও ইয়াতকৈ আগবাঢ়িব নোৱাৰিলে। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত ব্যাপক ট্ৰ’লৰ সন্মুখীন হয় বিৰাট কোহলী। ‘হ’ব আৰু! প্লীজ অৱসৰ লৈ লোৱা’- এনেদৰে কোহলীক উদ্দেশ্যি মন্তব্য কৰে একাংশই।



আনকি পৰাস্ত হোৱাৰ পিছতে ভাৰতীয় জাতীয় দলৰো অদিনায়কৰ দায়িত্ব কোহলীৰ পৰিৱৰ্তে ৰোহিত শৰ্মাক দিবলৈ দাবী কৰিছে একাংশ ক্ৰিকেট অনুৰাগীয়ে।
Published by:Himangshu Bhuyan
First published: