
পূৰ্বৰ শুনানিত আদালতে ২ ছেপ্টেম্বৰলৈ CBIৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছিল।
পূৰ্বৰ শুনানিত আদালতে ২ ছেপ্টেম্বৰলৈ CBIৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছিল।
INX মিডিয়া কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ জামিন আবেদনক লৈ আজি দিল্লীৰ ৰাউজ এভিনিউ ক’ৰ্টত গ্ৰহণ কৰা হ’ব শুনানি। চিদাম্বৰমে জামিন লাভ কৰিবনে আৰু কিছু দিনলৈ CBI জিম্মাত থাকিব সেয়া সিদ্ধান্ত ল’ব আদালতে। পূৰ্বৰ শুনানিত আদালতে ২ ছেপ্টেম্বৰলৈ CBIৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছিল। ইয়াৰ উপৰি চিদাম্বৰমৰ তৃতীয়খন আবেদনক লৈ আজি উচ্চতম ন্যায়ালয়তো হ’ব শুনানি। CBI জিম্মাক প্ৰত্যাহ্বান জনাই এই আবেদন দাখিল কৰিছিল চিদাম্বৰমে।
ইয়াৰ পূৰ্বে EDৰ গোচৰত চিদাম্বৰমৰ অগ্ৰিম জামিন আবেদনক লৈ উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে এই আবেদনক লৈ সিদ্ধান্ত সুৰক্ষিত ৰাখিছে। ৫ ছেপ্টেম্বৰত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে। ন্যায়ালয়ে এই গোচৰটোৰ শুনানি গ্ৰহণ নকৰালৈ ED–এ গ্ৰেপ্তাৰ কৰিব নোৱাৰে চিদাম্বৰমক।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ
YouTube ,
Facebook আৰু
Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|