আজি INX মিডিয়া কেলেংকাৰীৰ গোচৰত প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে উচ্চতম ন্যায়ালয়ে। বিগত ৯০ দিন ধৰি কাৰাবন্দী হৈ আছে চিদাম্বৰম। প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে দিল্লী উচ্চ ন্যায়ালয়ত জামিনত দাখিল কৰা জামিন আবেদন খাৰিজ কৰা হৈছিল।
উল্লেখযোগ্য যে ১৮ অক্টোবৰত INX মিডিয়া কেলেংকাৰীৰ গোচৰত CBI–এ পি চিদাম্বৰম, তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰম আৰু দুটা কোম্পানীসহ মুঠ ১৫ জন লোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল। CBI-এ উচ্চতম ন্যায়ালয়ক জনাইছিল যে এই গোচৰৰ তদন্ত অব্যাহত আছে, সেয়েহে পি চিদাম্বৰমক এতিয়াই জামিন প্ৰদান কৰা উচিত নহয়।
CBI–এ যিখন জামিন আবেদন দাখিল কৰিছিল তাত দাবী কৰিছিল যে ইন্দ্ৰাণী মুখাৰ্জীয়ে পি চিদাম্বৰমক উৎকোচ হিচাপে ৩৫.৫ কোটিৰো অধিক টকা দিছিল।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|