INX মিডিয়া কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম বৰ্তমান তিহাৰ জে’লৰ আলহী। কাৰাগাৰৰ বন্ধ কুঠৰীত দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটিছে চিদাম্বৰমৰ। কেইবাটাও বেমাৰৰ বাবে হ্ৰাস পাইছে চিদাম্বৰমৰ ওজন। চিদাম্বৰমৰ অধিবক্তা কপিল ছিবালে আদালতক সময়ে সময়ে চিদাম্বৰমক স্বাস্থ্য সেৱা প্ৰদানৰ বাবে আবেদন জনাইছে। তিহাৰ জে’লৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জে’লত পিঠি আৰু পেটৰ বিষত ভুগিছে চিদাম্বৰম। যাৰ ফলত ভালদৰে শুব–বহিব পৰা নাই।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে আদালতে চিদাম্বৰমৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ অক্টোবৰলৈ বৃদ্ধি কৰিছে। ২৩ ছেপ্টেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ত হ’ব চিদাম্বৰমৰ জামিন আবেদনৰ শুনানি।
দিল্লীৰ ৰাউজ এভিনিউ ক’ৰ্টত চিদাম্বৰমৰ ফালৰ পৰা কোৱা হৈছে যে তেওঁৰ পিঠিৰ বিষ আছে। তাৰ পিছতে ন্যায়াধীশ অজয় কুমাৰ কুহাৰে চিদাম্বৰমৰ স্বাস্থ্য পৰীক্ষাৰ অনুমতি দিয়ে। চিদাম্বৰমৰ অধিবক্তা কপিল ছিবালে ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে চিবিআইৰ আবেদনৰ বিৰোধিতা কৰিছে। ছিবালে আদালয়ত জনায় যে চিদাম্বৰম কেইবাটাও ৰোগত ভুগিছে, যাৰ ফলত তেওঁৰ ওজন দ্ৰুতগতিত হ্ৰাস পাইছে। সেয়েহে সময়ে সময়ে স্বাস্থ্য সেৱা আৰু পৰিপূৰক আহাৰ প্ৰদানৰ অনুৰোধ জনাইছে চিদাম্বৰমৰ অধিবক্তাই।
কপিল ছিবালে আদালতক জনায় যে চিদাম্বৰমৰ বেৰেকত তিনিদিন পূৰ্বে এখন চকী আছিল, যিখন এতিয়া আঁতৰাই দিয়া হৈছে। গোটেই দিনটো বিচনাত বহি থাকিব নোৱাৰে চিদাম্বৰম, কাৰণ তেওঁ পিঠিৰ বিষত ভুগিছে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|