INX মিডিয়া কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে। EDৰ গোচৰত জামিন লাভ কৰিলে চিদাম্বৰমে। ইয়াৰ পূৰ্বে CBIৰ গোচৰত জামিন লাভ কৰিছিল চিদাম্বৰমে।
দিল্লী হাইক’ৰ্টে ১৫ নৱেম্বৰত চিদাম্বৰমৰ জামিন আবেদন খাৰিজ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল চিদাম্বৰম। উক্ত আবেদনৰ আজি শুনানি গ্ৰহণ কৰে সৰ্বোচ্চ ন্যায়ালয়ে।
পূৰ্বে এই আবেদনৰ শুনানি সুৰক্ষিত ৰাখিছিল উচ্চতম ন্যায়ালয়ে। আজি ন্যায়ালয়ে ২ লাখ টকাৰ বণ্ডত জামিন মঞ্জুৰ কৰে চিদাম্বৰমৰ। বিগত ১০৭ দিন ধৰি কাৰাগাৰত বন্দী হৈ আছে চিদাম্বৰম। জামিন প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে তেওঁৰ গোচৰ সন্দৰ্ভত কোনো ৰাজহুৱা মন্তব্য বা সাক্ষাৎকাৰ নিদিবলৈ নিৰ্দেশ দিয়ে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|