প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম বৰ্তমান চিবিআইৰ জিম্মাত। INX মিডিয়া কেলেংকাৰীত জড়িতৰ অভিযোগত CBI–এ গ্ৰেপ্তাৰ কৰিছিল প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক। ২১ আগষ্টৰ নিশা গ্ৰেপ্তাৰৰ পিছতে বাসগৃহৰ পৰা CBIৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয় চিদাম্বৰমক। গ্ৰেপ্তাৰৰ পিছৰ পৰাই চিদাম্বৰমৰ অধিবক্তাই এতিয়া জামিনৰ বাবে চেষ্টা কৰি আছে।
সোমবাৰে উচ্চতম ন্যায়ালয়তো মুখ থেকেচা খালে পি চিদাম্বৰমে। দিল্লী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন মঞ্জুৰ নকৰাত চিদাম্বৰম উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল যদিও, বিষয়টোত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে।
উল্লেখযোগ্য যে, ৫ দিন চিবিআইৰ জিম্মাত থাকিবলগীয়া সময়সীমা হোৱা পি চিদাম্বৰমক আজি হাজিৰ কৰা হ’ব চি বি আইৰ ন্যায়ালয়ত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|