নতুন চৰকাৰী আঁচনিঃ ২০০০ টকা বিনিয়োগ কৰি লাভ কৰক ৩৫ লাখ পৰ্যন্ত টকা!

আমি আজি আপোনাক দিম এক নতুন উপায়, যাৰ সহায়ত আপুনি কম পৰিমাণৰ ধন বিনিয়োগ কৰি এক বৃহৎ পৰিমাণৰ ধন লাভ কৰিব পাৰে

News18-Assam
Updated:September 21, 2019, 11:55 AM IST
নতুন চৰকাৰী আঁচনিঃ ২০০০ টকা বিনিয়োগ কৰি লাভ কৰক ৩৫ লাখ পৰ্যন্ত টকা!
Source-Google
News18-Assam
Updated: September 21, 2019, 11:55 AM IST
প্ৰত্যেক দিনা ৫০ বা ১০০ টকা সঞ্চয় কৰিও বৃহৎ পৰিমাণৰ ধন চেভিংচ কৰিব পাৰিনে? এই প্ৰশ্নটো সকলোৰে মনত উত্থাপন হয়। আমি আপোনাক কও যে, এনেদৰে নূন্যতম ধন বিনিয়োগ কৰিও আপুনি এই সন্মানজনক ধন সঞ্চয় কৰিব পাৰে। কম এমাউণ্ট বিনিয়োগ কৰি বেছি উপাৰ্জন কৰিবলৈ মাত্ৰ এটা বিশেষ কাম কৰা দৰকাৰ।

আমি আজি আপোনাক দিম এক নতুন উপায়, যাৰ সহায়ত আপুনি কম পৰিমাণৰ ধন বিনিয়োগ কৰি এক বৃহৎ পৰিমাণৰ ধন লাভ কৰিব পাৰে। আপুনি পাব্লিক প্ৰভিডেণ্ট ফাণ্ড একাউণ্ট(PPF) ত  কম পৰিমাণৰ ধন বিনিয়োগ কৰি এই সুবিধা লাভ কৰিব পাৰে। য’ত মাত্ৰ ২০০ টকা প্ৰত্যেক দিনা বিনিয়োগ কৰি ২০ বছৰত ৩৫ লাখ টকা লাভ কৰিব পাৰে।

PPF ৰ পৰা পোৱা সুবিধা: পি পি এফ স্কীমত আপুনি আপোনাৰ ধন জমা কৰাতো সম্পূৰ্ণ ৰূপে সুৰক্ষিত। স্কীমৰ পৰা লাভ কৰা সুতৰ হাৰত কোনো ধৰণৰ কৰো পৰিশোধ কৰিব লগীয়া নহয়। ইয়াত নমিনিৰো সুবিধা থাকে। এই একাউণ্ট ডাকঘৰ বা নিৰ্ধাৰণ কৰা বেংকৰ শাখা সমূহত ১৫ বছৰৰ বাবে খোলা হয়। য’ত পিছত পাঁচ বছৰ বৃদ্ধি কৰাৰো সুবিধা থাকে।
আৰু চাওক পৰৱৰ্তী বাতৰি