জম্মু–কাশ্মীৰত ধাৰা ৩৭০ উঠাই লোৱাৰ পিছৰ প্ৰেক্ষাপটক লৈ হোৱা এক শুনানিত উচ্চতম ন্যায়ালয়ে কয় যে, কাশ্মীৰত আমাৰ প্ৰাথমিকতা হৈছে মানুহৰ স্বতন্ত্ৰতা আৰু সুৰক্ষা। শুনানিৰ ৰায় দিয়াৰ সময়ত কৰ্টে কয়, কাশ্মীৰত মত প্ৰকাশৰ অধিকাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে কৰ্টে কয় যে, বহুত জৰুৰী হ’লে নিৰ্ধাৰিত সময়ৰ কাৰণেহে ইণ্টাৰনেট বন্ধ কৰিব লাগে। লগতে কোৱা হৈছে যে অনিৰ্দিষ্টকালৰ কাৰণে ইণ্টাৰনেট বন্ধ কৰিব পৰা নাযায়। উচ্চতম ন্যায়ালয়ে কয় যে, জৰুৰী সেৱাৰ কাৰণে ইণ্টাৰনেট মুকলি কৰি দিব লাগে।
ন্যায়াধীশ এন বি ৰমণ, ন্যায়াধীশ আৰ সুভাষ ৰেড্ডী আৰু ন্যায়াধীশ বি আৰ গৱইৰ তিনিজনীয়া বিচাৰপীঠে এই বিবাদৰ শুনানি গ্ৰহণ কৰি কয় যে ১৪৪ধাৰাৰ ভুল ব্যৱহাৰ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে কয় যে, ইণ্টাৰনেট মত প্ৰকাশৰ অধিকাৰ সদৃশ। লগতে এয়া মৌলিক অধিকাৰৰ নিচিনা একে শাৰীৰ অধিকাৰ। কোনো শক্তিশালী কাৰণ নাথাকিলে ইণ্টাৰনেট বন্ধ কৰিব পৰা নাযায়।
উল্লেখযোগ্য যে কেন্দ্ৰ চৰকাৰে জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা ধাৰা ৩৭০ৰ বেছিভাগ ব্যৱস্থা সমাপ্ত কৰাৰ পিছত তাত আৰোপ কৰা প্ৰতিবন্ধকতাক ২১নৱেম্বৰত শুদ্ধ বুলি দাবী কৰিছিল। কেন্দ্ৰই আদালতত কয় যে, চৰকাৰে লোৱা সাৱধানতাৰ কাৰণে কোনো প্ৰাণহানি নহ’ল আৰু এটাও গুলী চলাবলগীয়া নহ’ল। গুলাম নবী আজাদৰ লগতে, কাশ্মীৰ টাইমছৰ কাৰ্যবাহী সম্পাদক অনুৰাধা ভাছিন আৰু কেবাজনেও উপত্যকাত সংযোগ ব্যৱস্থা বন্ধ কৰি ৰখাৰ বিৰুদ্ধে আৱেদন দাখিল কৰিছিল।
কেন্দ্ৰই কি উত্তৰ দিছিল উচ্চতন ন্যায়ালয়তকেন্দ্ৰই কাশ্মীৰ উপত্যকাৰ হিংসাক লৈ কৈছিল যে কেবাবছৰৰ পৰা সীমাৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদীবোৰক ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল। স্থানীয় বিচ্ছিন্নতাবাদী আৰু উগ্ৰপন্থী সংগঠনে সমগ্ৰ উপত্যকাক বন্ধকত লৈ লৈছিল। এনে প্ৰেক্ষাপটত চৰকাৰে নাগৰিকসকসক সুৰক্ষা দিবলৈ সাৱধানতামূলক ব্যৱস্থা নল’লে এয়া ‘মূৰ্খামী’ হ’লহেতেন। উল্লেখযোগ্য যে কেন্দ্ৰ চৰকাৰে বিগত বছৰৰ ৫আগষ্টত জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত প্ৰদেশত বিভক্ত কৰিছিল।
উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ গুৰুত্বপূৰ্ণ ৫টা পইণ্টঃমত প্ৰকাশৰ অধিকাৰ
১. উচ্চতম ন্যায়ালয়ে কয় যে, ইণ্টাৰনেট মৌলিক অধিকাৰ নহ’লেও এয়া মত প্ৰকাশৰ অধিকাৰৰ দৰেই। ইণ্টাৰনেটৰ জৰিয়তে হোৱা সকলো ব্যৱসায় বা পেছা সংবিধানৰ অনুচ্ছেদ ১৯(১)(এ) আৰু অনুচ্ছেদ ১৯(১)(জি)ৰ অধীনত সংৰক্ষিত। কৰ্টে কয় যে অসাধাৰণ অৱস্থাতহে ইণ্টাৰনেট বন্ধ কৰিব লাগে। লগতে কয় যে, অনিৰ্দিষ্টকালৰ কাৰণে ইণ্টাৰনেট বন্ধ কৰিব পৰা নাযায়। চৰকাৰে বাৰে বাৰে ইণ্টাৰনেট বন্ধ কৰিব নোৱাৰে। বহুত জৰুৰী হ’লে নিৰ্ধাৰিত সাময়িক সময়ৰ কাৰণে ইয়াৰ ওপৰত প্ৰতিবন্ধকতা লগাব পাৰি।
ইণ্টাৰনেট সেৱা বাহাল কৰক২.কৰ্টে সকলো জৰুৰী সেৱা ৭দিনৰ ভিতৰত বাহাল কৰিবলৈ কয়, উচ্চতম ন্যায়ালয়ে জম্মু–কাশ্মীৰৰ প্ৰশাসনক হাস্পতাল, শৈক্ষিক প্ৰতিষ্ঠানৰ দৰে জৰুৰী আৱশ্যক সেৱা প্ৰদান কৰা সংস্থাত ইণ্টাৰনেট সেৱা তাৎক্ষণিকভাৱে বাহাল কৰিবলৈ দিছে।
ধাৰা ১৪৪ মন মৰ্জিৰে লগাব নোৱাৰে৩.যদি কোনো সঠিক তথ্য নাই তেনেহ’লে ১৪৪ধাৰা লগাব নোৱাৰে। কৰ্টে কয় যে আপুনি যেতিয়াই মন গৈছে তেতিয়াই ১৪৪ধাৰা লগাব নোৱাৰে। লগতে কৰ্টে কয় যে, ১৪৪ধাৰা কোনো মত চেপিবলৈ ব্যৱহাৰ কৰিব নোৱাৰে। চৰকাৰে ইণ্টাৰনেটৰ ওপৰত নিষিদ্ধকৰণ আৰু ধাৰা ১৪৪ জাৰি কৰাক লৈ দিয়া আদেশ ৰাজহুৱা কৰক। নিষিদ্ধকৰণৰ ওপৰত পুনৰীক্ষণ কৰক।
৪.ছুপ্ৰীম কৰ্টে চৰকাৰক কয় যে, সকলো নিষিদ্ধকৰণৰ ওপৰত ৰিভিউ এসপ্তাহৰ ভিতৰত কৰক। লগতে ইয়াৰ তথ্য ৰাজহুৱা মঞ্চত আনিবলৈ নিৰ্দেশ দিয়ে যাতে মানুহে কৰ্টলৈ যাব পাৰে।
সংবাদমাধ্যমৰ স্বাধীনতা প্ৰধান৫.উচ্চতম ন্যায়ালয়ে লগতে এইটো কয় যে, আজি গণতন্ত্ৰত সংবাদমাধ্যমৰ স্বাধীনতা অতি গুৰুত্বপূৰ্ণ। কৰ্টে কয় যে আমি নাগৰিকৰ স্বাধীনতাৰ অধিকাৰ আৰু সুৰক্ষাৰ মাজত ভাৰসাম্য ৰক্ষাৰ চেষ্টা কৰিছো।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|