CAAক লৈ ব্যাপক হিংসাত্মক ঘটনা, উত্তৰ প্ৰদেশৰ ১৫খন চহৰত বন্ধ ইণ্টাৰনেট সেৱা

News18 Assam | News18-Assam
Updated:December 27, 2019, 9:44 AM IST
CAAক লৈ ব্যাপক হিংসাত্মক ঘটনা, উত্তৰ প্ৰদেশৰ ১৫খন চহৰত বন্ধ ইণ্টাৰনেট সেৱা
Photo : India Today

ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন কৰাৰ অভিযোগত উত্তৰ প্ৰদেশত এইপৰ্যন্ত ৪৯৮জন লোকক চিনাক্ত কৰা হৈছে।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি আন্দোলন অব্যাহত। উত্তৰ প্ৰদেশত ব্যাপক হিংসাত্মক ঘটনাৰ পিছত ১৫খন চহৰত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। বন্ধ কৰি দিয়া হৈছে SMS সেৱাও। সংবেদনশীল জিলাসমূহত চোকা নজৰ ৰাখিছে আৰক্ষী–প্ৰশাসনে।

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ, গাজিয়াবাদ, মেৰথ, আলীগড়, ছাহাৰানপুৰ, বুলন্দচহৰ, বিজনৌৰ, মুজফ্ফৰনগৰ, শামলী, চম্বল, ফিৰোজবাদ, মথুৰা, আগ্ৰা, কাণপুৰ আৰু সীতাপুৰত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন কৰাৰ অভিযোগত উত্তৰ প্ৰদেশত এইপৰ্যন্ত ৪৯৮জন লোকক চিনাক্ত কৰা হৈছে। এইসকল লোকলৈ প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে জাননী।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি