কৰ্ণাটক ভ্ৰমণৰ অন্তিম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহীশুৰ পেলেচ গ্ৰাউণ্ডত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত প্ৰায় ১৫,০০০ লোকে প্ৰধানমন্ত্ৰীৰ সৈতে যোগাভ্যাস কৰিছিল। যোগ শুভাৰম্ভ কৰাৰ পূৰ্বে অনুষ্ঠানটোত উপস্থিত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশ আৰু বিশ্ববাসীক শুভেচ্ছা জ্ঞাপন কৰে।
তেওঁ কয় যে যোগৰ এই চিৰন্তন যাত্ৰা চিৰন্তন ভৱিষ্যতৰ দিশত এনেদৰেই অব্যাহত থাকিব। আমি সৰ্বে ভৱন্তু সুখীনঃ সৰ্বে সন্তু নিৰামায়ৰ আত্মাৰ সৈতে যোগৰ জৰিয়তে এক স্বাস্থ্যকৰ আৰু শান্তিপূৰ্ণ পৃথিৱীক ত্বৰান্বিত কৰিম। "এই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডআমাৰ নিজৰ শৰীৰ আৰু আত্মাৰ সৈতে আৰম্ভ হয়। বিশ্বব্ৰহ্মাণ্ড আমাৰ পৰা আৰম্ভ হয়। আৰু, যোগে আমাক আমাৰ ভিতৰৰ সকলো বিষয়ে সজাগ কৰে আৰু সজাগতাৰ অনুভূতি গঢ়ি তোলে। যোগে আমাৰ বাবে শান্তি আনিছে। যোগৰ পৰা শান্তি কেৱল ব্যক্তিৰ বাবে নহয়। যোগে আমাৰ সমাজত শান্তি আনিছে। যোগে আমাৰ দেশ আৰু বিশ্বলৈ শান্তি আনিছে আৰু যোগে আমাৰ বিশ্বব্ৰহ্মাণ্ডত শান্তি আনিছে।
International Yoga Day 2022 : ঐতিহাসিক কাৰেং ঘৰৰ বাকৰিত যোগ দিৱস পালন, অংশগ্ৰহণ বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ
International Yoga Day 2022 : গুৱাহাটীতো অন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী, ৰাজ ভৱনত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপাল জগদীশ মুখীৰ
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|