• Home
  • »
  • News
  • »
  • nation
  • »
  • বিয়াৰ পিছত আৰ্থিকভাৱে স্বাৱলম্বী হৈ থাকিবলৈ মহিলাসকলে লওক এইসমূহ পদক্ষেপ

বিয়াৰ পিছত আৰ্থিকভাৱে স্বাৱলম্বী হৈ থাকিবলৈ মহিলাসকলে লওক এইসমূহ পদক্ষেপ

আপোনাৰ আৰ্থিক ব্যৱস্থা একত্ৰিত নকৰিব। আপোনাৰ বেংক একাউণ্ট বিয়াৰ পিছত স্বামীৰ বেংক একাউণ্টৰ সৈতে লগ কৰি জইণ্ট একাউণ্ট নকৰিব।

আপোনাৰ আৰ্থিক ব্যৱস্থা একত্ৰিত নকৰিব। আপোনাৰ বেংক একাউণ্ট বিয়াৰ পিছত স্বামীৰ বেংক একাউণ্টৰ সৈতে লগ কৰি জইণ্ট একাউণ্ট নকৰিব।

আপোনাৰ আৰ্থিক ব্যৱস্থা একত্ৰিত নকৰিব। আপোনাৰ বেংক একাউণ্ট বিয়াৰ পিছত স্বামীৰ বেংক একাউণ্টৰ সৈতে লগ কৰি জইণ্ট একাউণ্ট নকৰিব।

  • Share this:
কৰ্মক্ষেত্ৰত মহিলাৰ সংখ্যা বৃদ্ধি হোৱা সত্ত্বেও, অধিক মহিলাই আৰ্থিক স্বাধীনতা সহজে অনুভৱ নকৰে, বিশেষকৈ তেওঁলোকৰ বিয়াৰ পিছত। মহিলাসকলে সাধাৰণতে বিয়াৰ পিছত তেওঁলোকৰ আৰ্থিক নিয়ন্ত্ৰণ হেৰুৱায়, কিয়নো তেওঁলোকে  চাকৰি এৰি দিয়ে, বা তেওঁলোকৰ স্বামীৰ ওপৰত এৰি দিয়ে। কেতিয়াবা পাৰিবাৰিক চাপৰ বা সন্তান জন্মৰ পিছত মহিলাসকলে চাকৰি এৰা দেখা যায়। আনহাতে, কেতিয়াবা সম্পৰ্ক ভাঙি গ’লে, কোনো কাৰণত পৰিয়ালত  অধিক পৰিমাণৰ টকাৰ প্ৰয়োজন হ’লে নাইবা আন পৰিস্থিতিত মহিলাগৰাকীক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ প্ৰয়োজন আহি পৰে। এনে পৰিস্থিতি পৰিহাৰ কৰিবলৈ মহিলাগৰাকীয়ে কেৱল উপাৰ্জনৰ সম্ভাৱনাৰ ক্ষেত্ৰত নহয়, কিন্তু আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে ঘৰৰ সকলো বিত্তীয় সিদ্ধান্তত অংশগ্ৰহণ কৰাটো প্ৰয়োজনীয় হয়।

আপুনি যদি নাৰী দিৱস উদযাপন কৰি আছে, তেন্তে আৰ্থিক নিয়ন্ত্ৰণ আপোনাৰ হাতৰ ৰখাৰ চেষ্টা কৰক যাতে আপুনি আনৰ ওচৰত নিৰ্ভৰশীল হ’বলগীয়া নহয়। এই বিষয়ে বিতংভাৱে জানো আহক।

আপোনাৰ আৰ্থিক ব্যৱস্থা একত্ৰিত নকৰিব। আপোনাৰ বেংক একাউণ্ট বিয়াৰ পিছত স্বামীৰ বেংক একাউণ্টৰ সৈতে লগ কৰি জইণ্ট একাউণ্ট নকৰিব। জইণ্ট একাউণ্ট থকাৰ উপৰিও আপোনাৰ ছিংগল একাউণ্ট এটা নিশ্চয় ৰাখিব। আন এক গুৰুত্বপূৰ্ণ কথা হ’ল যে বিয়াৰ ঠিক পিছতেই আপোনাৰ সম্পত্তি স্বামীৰ সম্পত্তিৰ সৈতে একত্ৰিত নকৰি পৃথক কৰি ৰাখক। কিয়নো এনে কৰাৰ পিছত দুৰ্ভাগ্যৱশতঃ আপোনাৰ সম্পৰ্ক ভাঙিলে আপুনি সম্পত্তিৰ এক নতুন আৰম্ভণি কৰিবলগীয়া হ’ব।

বিয়াৰ পিছত চাকৰি এৰি নিদিব। যদি আপুনি নতুন চহৰ এখনলৈ বিয়া হৈছে, তেনেহ’লে নতুন চাকৰি, কেৰিয়াৰ বিকল্প বা স্ব-সংস্থাপনৰ বিষয়ে অনুসন্ধান কৰক। প্ৰাৰম্ভিক পৰ্যায়ত, এৰেঞ্জড মেৰিয়েজৰ ক্ষেত্ৰত আৰ্থিক স্বাৱলম্বিতা লাভ কৰাটো কষ্টকৰ হয়। কোনো কাৰণত আপুনি চাকৰি এৰিবলগীয়া হ’লেও সহকৰ্মীৰ লগতে চাকৰি কৰা ক্ষেত্ৰখনৰ ছিনিয়ৰ সকলৰ সংযোগত থাকিব। কিয়নো পৰৱৰ্তী সময়ত নতুন চাকৰি লাভ কৰাত ক্ষেত্ৰত তেওঁলোকৰ সহায় বিচাৰিব পাৰিব।

কোনো কাৰণত লোণ ল’বলগীয়া হ’লে ইয়াৰ সহভাগী হওক। যদি আপুনি যৌথভাৱে সম্পত্তি গঢ়িছে, আপুনি ইয়াৰ সহ-অধিকাৰী হোৱাটো প্ৰয়োজনীয়। আনহাতে, যদি কেৱল আপোনাৰ পুঁজিৰে সম্পত্তি ক্ৰয় কৰিছে তেনেহ’লে এইবোৰ কেৱল আপোনাৰ নামত থকাটো নিশ্চিত কৰক।

আপোনাৰ স্বামীয়ে চহী কৰিবলৈ দিয়া কোনো উকা বা চৰকাৰী দস্তাবেজ নপঢ়াকৈ কেতিয়াও চহী নকৰিব। গিৰিয়েকসকলে সাধাৰণতে নতুন ব্যৱসায় আৰম্ভ কৰাৰ সময়ত জিএছটি দায়বদ্ধতা বা অন্যান্য কৰ পৰিহাৰ কৰিবলৈ বিনিয়োগত পত্নীৰ নাম উল্লেখ কৰা দেখা যায়। মহিলাসকলে বুজি পোৱা উচিত যে এনে কৰাৰ ফলত তেওঁলোকে পত্নীৰ ওচৰলৈ বিপদাশংকাটো ঠেলি দিছে। সেয়েহে আপত্তিজনক যেন লগা কোনো নথি-পত্ৰত চহী নকৰিব।

বিত্ত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সদায় সক্ৰিয়তা গ্ৰহণ কৰক। কোনো কাৰণৰ বিবাহ বিচ্ছেদ হ’লে আপুনি যদি স্বামীৰ সম্পত্তিৰ বিষয়ে অৱগত নহয়, তেওঁ ক’ত বিনিয়োগ কৰিছে বা আপুনি পাবলগীয়া সম্পত্তিৰ পৰিমাণৰ বিষয়ে নাজানিলে আপুনি অসুবিধাৰ সন্মুখীন হ’ব। সেয়েহে ঘৰুৱা বাজেট পৰিচালনা কৰি, বিত্তীয় লক্ষ্য নিৰ্ধাৰণ কৰা, সঞ্চয় আৰু বিনিয়োগৰ দায়িত্ব গ্ৰহণ কৰি আৰু বিত্তীয় বিকাশৰ বিষয়ে অৱগত হোৱা আৰম্ভ কৰক।

আপুনি এটা হেলথ প্লানৰ ক’ভাৰ লাভ কৰি আছে নে, নাইবা নিজে ক্ৰয় কৰিছে নে, বা আপোনাৰ নিয়োগকৰ্তা বা আপোনাৰ স্বামীৰ নিয়োগকৰ্তাই এই হেলথ প্লান ক’ভাৰ দিছেনে সেইটো নিশ্চিত কৰাটো অতিকৈ প্ৰয়োজনীয়। যদি আপোনাৰ স্বামী একমাত্ৰ উপাৰ্জনজাৰী সদস্য, তেনেহ’লে তেওঁৰ জীৱন বীমা থকাটো নিশ্চিত কৰক। ইয়াত আপোনাৰ লগতে আপোনাৰ সন্তানক নমিনি হিচামে ৰাখক। সাধাৰণতে জীৱন বীমা পৰিকল্পনা, বিবাহিত মহিলা সম্পত্তি আইন ১৮৭৪ৰ দ্বাৰা সুৰক্ষিত হ’ব লাগে, যাতে কোনো ঋণদাতাই দাবী নকৰাকৈ স্বামীৰ মৃত্যুৰ পিছত আয় পত্নীৰ ওচৰলৈ আহে।

বিয়াৰ সময়ত মহিলাগৰাকীৰ অভিভাৱকৰ তৰফৰ পৰা উপহাৰ দিয়া অলংকাৰ বা অন্যান্য মূল্যৱান সম্পত্তি মহিলাগৰাকীৰ সম্পত্তি হৈ পৰে। ইয়াৰ উপৰিও স্বামীৰ পৰিয়ালৰ তৰফৰ পৰ দিয়া সম্পত্তিসমূহো মহিলাগৰাকীৰ হয়। সেয়েহে এই সম্পত্তিসমূহৰ চাবিকাঠি মহিলাগৰাকীৰ ওচৰত ৰখাটো অতিকৈ প্ৰয়োজনীয়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি