உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • women's day 2021: এই চৰকাৰী প্ৰতিষ্ঠানে কৰিলে বৃহত্‍ ঘোষণা, কেৱল মহিলাৰ বাবে সংৰক্ষিত হ'ব চাকৰি, নাথাকিব আবেদন মাছুল

    women's day 2021: এই চৰকাৰী প্ৰতিষ্ঠানে কৰিলে বৃহত্‍ ঘোষণা, কেৱল মহিলাৰ বাবে সংৰক্ষিত হ'ব চাকৰি, নাথাকিব আবেদন মাছুল

    ২০২১ বৰ্ষৰ আন্তঃৰাষ্ট্ৰী মহিলা দিৱসৰ ঠিক এদিন পূৰ্বে বিদ্যুৎ উৎপাদন প্ৰতিষ্ঠান NTPC(National Thermal Power Corporation) য়ে কৰিলে মহিলা সকলৰ বাবে এক বিশেষ ঘোষণা।

    • Share this:
    কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যুৎ উৎপাদন প্ৰতিষ্ঠান NTPCয়ে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ এদিন পূৰ্বে  এক বৃহত্‍ চাকৰি ভৰ্তি অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। চাকৰিৰ বাবে আবেদনৰ শুল্ক মাফ কৰাৰ লগতে কেৱল মাত্ৰ মহিলা সকলৰ বাবে এই চাকৰি ভৰ্তিৰ ব্যৱস্থা কৰা কৰিছে সংস্থাটোৱে।

    কি ঘোষণা কৰিছে সংস্থাই?

    সংস্থাটোৱে প্ৰকাশ কৰে যে , 'NTPC য়ে পূৰ্বৰে পৰা লিংগ বৈষম্য দূৰ কৰাৰ বাবে প্ৰচেষ্টা চলাই আহিছে আৰু অদূৰ ভৱিষ্যতেও এনে পদক্ষেপ গ্ৰহণ কৰি যাব।' এই পদক্ষেপে নাৰী শক্তিক অন্য এক শক্তি প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰে সংস্থাটোৱে। এই পদক্ষেপে নাৰী সকলক আন এক উদ্যম প্ৰদান কৰিব বুলিও আশাবাদী সংস্থাটোৰ কৰ্তৃপক্ষ।

    পদবীসমূহত অধিক মহিলাক আবেদনৰ বাবে আকৰ্ষিত কৰিবলৈ মহিলা সকলৰ বাবে আবেদন শুল্ক মাফ কৰি দিছে বুলিও ঘোষণা কৰে সংস্থাৰ ফালৰ পৰা। আনহাতে চাইল্ড কেয়াৰ লিভ , ডেলিভাৰী লিভৰ লগতে মহিলা সকলৰ বাবে আৱশ্যক সকলোধৰণৰ ছুটীৰ লগতে প্ৰয়োজনীয় সা-সুবিধাৰ ব্যৱস্থা কৰিছে NTPC য়ে।

    উল্লেখ্য যে , সংস্থাৰ ফালৰ পৰা সহকাৰী অভিযন্তা(assistant engineer) আৰু সহকাৰী ৰাসায়নবিদ (assistant chemist) পদৰ বাবে আবেদন বিচৰা হৈছে। এই পদ সমূহৰ বাবে আবেদনৰ শেষ তাৰিখ ১০ মাৰ্চ , ২০২১। ইচ্ছুক প্ৰাৰ্থী সকলে ntpc.co.in বা ntpccareers.net ত গৈছে এই পদৰ বাবে আবেদন জনাব পাৰে।
    Published by:Himangshu Bhuyan
    First published: