মুখ্যপৃষ্ঠা »খবৰ »দেশ »ভাৰত আৰু চীনে ২০২৩ চনত বিশ্ব পৰিচালনা কৰিব, দুয়োখন দেশৰ বিশ্বব্যাপী বিকাশৰ দায়িত্ব থাকিব – আইএমএফ

ভাৰত আৰু চীনে ২০২৩ চনত বিশ্ব পৰিচালনা কৰিব, দুয়োখন দেশৰ বিশ্বব্যাপী বিকাশৰ দায়িত্ব থাকিব – আইএমএফ

এই বছৰ বিশ্বব্যাপী অৰ্থনৈতিক বিকাশৰ আধা অংশ ভাৰত আৰু চীনৰ হ’ব

এই বছৰ বিশ্বব্যাপী অৰ্থনৈতিক বিকাশৰ আধা অংশ ভাৰত আৰু চীনৰ হ’ব

  • Share this:
২০২৩ চনত বিশ্বব্যাপী বিকাশৰ প্ৰায় আধা অংশ ভাৰত আৰু চীনৰ হ’ব। আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে(আইএমএফ) এই তথ্য দিয়ে। বিশ্বব্যাপী সংস্থাটোৱে ২০২৩-২৪ বিত্তীয় বৰ্ষত এছিয়াৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি ভাৰতৰ ৬.১ শতাংশ বৃদ্ধিৰ হাৰৰ অনুমান বৰ্তাই ৰাখিছে। ইয়াৰ শেহতীয়া বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগীত, আইএমএফে অনুমান কৰিছে যে ভাৰত দ্ৰুতগতিত বিকশিত অৰ্থনীতি হৈ থাকিব।

এই বছৰ বিশ্বব্যাপী অৰ্থনৈতিক বিকাশৰ আধা অংশ ভাৰত আৰু চীনৰ হ’ব। আনহাতে, আমেৰিকা যুক্তৰাজ্য আৰু ইউৰোপৰ মাত্ৰ ১০ শতাংশ অংশ থাকিব। অৱশ্যে, ভাৰতৰ বিকাশৰ হাৰ ২০২৩ চনত (বিত্তীয় বৰ্ষ ২০২৪) ৬.১ শতাংশলৈ হ্ৰাস হ’ব, যি ২০২২ চনত (২০২৩ বিত্তীয় বৰ্ষ) ৬.৮ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। বাহ্যিক প্ৰত্যাহ্বানৰ স্বত্বেও, শক্তিশালী ঘৰুৱা চাহিদাৰ বাবে ২০২৫ বিত্তীয় বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ ৬.৮ শতাংশত উপনীত হ’ব পাৰে।

বিশ্বব্যাপী বিকাশ ২.৯ শতাংশ হ’ব–

আইএমএফে বিশ্বব্যাপী বিকাশৰ পূৰ্বানুমান ২০ আধাৰ পইণ্ট ২.৯ শতাংশলৈ বৃদ্ধি কৰিছে। অৱশ্যে, বিপদাশংকাৰ ফলত ইয়াৰ হ্ৰাস হোৱাৰ সম্ভাৱনাও আছে। কিন্তু অক্টোবৰ ২০২২ৰ প্ৰতিবেদনৰ পিছৰ পৰা বিপদাশংকা সামান্য হ্ৰাস পাইছে। আইএমএফৰ মুখ্য অৰ্থনীতিবিদ পিয়েৰ অলিভিয়েৰ গৌৰিনচাছে নিজ ব্লগত লিখিছে যে, ‘‘বিগত বৰ্ষৰ তৃতীয় চতুৰ্থাংশত এক শক্তিশালী শ্ৰমিক বজাৰ, পৰিয়ালত বৰ্ধিত ব্যৱহাৰ আৰু ব্যৱসায়ত বিনিয়োগ বৃদ্ধিৰ ফলত অৰ্থনৈতিক বিকাশ শক্তিশালী হৈছিল, তথা ইউৰোপত শক্তি সংকট আশাতকৈ কম থকাৰ বাবে আৰ্থিক বৃদ্ধি হোৱা দেছা গৈছে। চীনৰ দ্বাৰা হঠাতে ইয়াৰ বজাৰ মুকলি হোৱাৰ ফলত অৰ্থনৈতিক কাৰ্যকলাপৰ দ্ৰুত উন্নতিৰ পথ প্ৰশস্ত হৈছে।’’

নিম্ন মুদ্ৰাস্ফীতিয়ে বিকাশ বৃদ্ধি কৰে

গৌৰিংখাছে কয় যে, বহুতো অৰ্থনীতিত স্থগিত চাহিদা বা মুদ্ৰাস্ফীতিৰ তীব্ৰ হ্ৰাসৰ ফলতো বিকাশ বৃদ্ধি পাইছে। কিন্তু চীনত কোভিডৰ বিস্তাৰ আৰু ৰাছিয়া আৰু ইউক্ৰেইনত যুদ্ধ বৃদ্ধিৰ দৰে ভাবুকি এতিয়াও অব্যাহত আছে। এইবোৰে ঋণৰ সংকট গভীৰ কৰিব পাৰে। বৰ্ধিত মুদ্ৰাস্ফীতিৰ ফলত বিত্তীয় বজাৰৰ অস্থিৰতা হোৱাৰ আশংকা আছে আৰু বৰ্ধিত ভূ-ৰাজনৈতিক উত্তেজনাই অৰ্থনৈতিক প্ৰগতিক প্ৰভাৱ পেলাব পাৰে। মুখ্য অৰ্থনীতিবোৰৰ ভিতৰত, আইএমএফে কেৱল ব্ৰিটেইনক ২০২৩ চনত মন্দাৱস্থাত থাকিব পাৰে বুলি অনুমান কৰিছে। জাৰ্মানী ০.১ শতাংশ আৰু ৰাছিয়া০.৩ শতাংশ বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে।

শেহতীয়া বাতৰি