মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Jio-ত Intelৰ ১৮৯৪.৫০ কোটি টকাৰ বিনিয়োগে আপোনাৰ কাৰণে কি বাৰ্তা কঢ়িয়াইছে?

Jio-ত Intelৰ ১৮৯৪.৫০ কোটি টকাৰ বিনিয়োগে আপোনাৰ কাৰণে কি বাৰ্তা কঢ়িয়াইছে?

News18 Assam | News18-Assam
Updated:July 3, 2020, 12:24 PM IST
Jio-ত Intelৰ ১৮৯৪.৫০ কোটি টকাৰ বিনিয়োগে আপোনাৰ কাৰণে কি বাৰ্তা কঢ়িয়াইছে?
ফেচবুকৰ পিছত জিঅ’ত বিনিয়োগ কৰা আমেৰিকান কোম্পানীটো হৈছে দ্বিতীয় উল্লেখযোগ্য বিদেশী বিনিয়োগ।

ফেচবুকৰ পিছত জিঅ’ত বিনিয়োগ কৰা আমেৰিকান কোম্পানীটো হৈছে দ্বিতীয় উল্লেখযোগ্য বিদেশী বিনিয়োগ।

  • Share this:
আমেৰিকাৰ বহুজাতিক কোম্পানী Intel–এ ১,৮৯৫কোটি টকা বিনিয়োগ কৰিব ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ গোট Jio প্লেটফ’ৰ্মত। যোৱা তিনিমাহৰো কম সময়ত জিঅ’ত এয়া দ্বাদশ সংখ্যক হাই প্ৰফাইল বিনিয়োগ। এই চুক্তিৰ ফলত জিঅ’ত ০.৩৯শতাংশ অংশীদাৰিত্ব লাভ কৰিব ইণ্টেলে।

এই চুক্তিৰ দ্ব্ৰা জিঅ’ প্লেটফৰ্মে মুঠ ১১৭,৫৮৮.৪৫কোটি টকা আগশাৰীৰ সংস্থা যেনে Facebook, Silver Lake Partners (two investments), Vista Equity Partners, General Atlantic, KKR, Mubadala, ADIA, TPG, L Catterton, PIF আৰু Intelৰ পৰা লাভ কৰিলে। এয়া বিশ্বৰ ভিতৰতে যিকোনো কোম্পানীত এয়া একেৰাহে হোৱা সৰ্ববৃহৎ বিনিয়োগ।

ভাৰতত দুটা দশকৰো অধিকা কাল কৰ্মৰত হৈ আছে Intel আৰু বৰ্তমান কোম্পানীটোৰ উন্নতমানৰ বেংগালুৰু আৰু হায়দৰাবাদৰ কাৰ্যালয়ক কৰ্মৰত হৈ আছে সহস্ৰাধিক কৰ্মচাৰী।ফেচবুকৰ পিছত জিঅ’ত বিনিয়োগ কৰা আমেৰিকান কোম্পানীটো হৈছে দ্বিতীয় উল্লেখযোগ্য বিদেশী বিনিয়োগ।




এই বিনিয়োগৰ জৰিয়তে ৰিলায়েন্স Jio–ই ১৩০ কোটি দেশবাসীক সামৰি লক্ষ্য নিৰ্ধাৰণ কৰা ডিজিটেল ইণ্ডিয়াৰ সপোন পূৰণৰ দিশে আৰু এঢাপ অগ্ৰসৰ হৈছে। ক্ষুদ্ৰ ব্যৱসায়ী, মাইক্ৰ’ বিজনেছ আৰু কৃষকসকলক উপকৃত কৰিব এই চুক্তিয়ে।

 
First published: July 3, 2020, 12:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি