প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে কোচীত কোচিন শ্বিপয়াৰ্ড লিমিটেডে নিৰ্মাণ কৰা দেশৰ প্ৰথম স্বদেশী বিমানবাহক জাহাজ আই এন এছ বিক্ৰান্ত নৌসেনাক অৰ্পণ কৰে। এয়া ভাৰতৰ সাগৰীয় ইতিহাসত এতিয়ালৈ সৰ্ববৃহৎ যুদ্ধ জাহাজ। প্ৰধানমন্ত্ৰীয়ে কোচিন শ্বিপয়াৰ্ডত ২০,০০০ কোটি টকা ব্যয়েৰে দেশীয় অত্যাধুনিক বিমানবাহক জাহাজখন মুকলি কৰে। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে নৌসেনাৰ নতুন নিচানো মুকলি কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ উপৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হিৰকুমাৰ আৰু আন গণ্য–মান্য ব্যক্তি উপস্থিত থাকে।
প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠানত কয়, ‘‘বিক্ৰান্ত কেৱল এখন যুদ্ধ জাহাজ নহয়, এয়া ২১ শতিকাৰ ভাৰতৰ অংগীকাৰ প্ৰমাণ কৰে। মোদীয়ে কয় বিক্ৰান্ত বিশাল আৰু ভৱ্য, বিক্ৰান্ত পৃথক, বিক্ৰান্ত বিশেষ।
মোদীয়ে কয়, ‘‘যদি লক্ষ্য দুৰন্ত হয়, যাত্ৰা দিগন্ত হয়, সমুদ্ৰ আৰু প্ৰত্যাহ্বান অনন্ত হয়, তেতিয়া ভাৰতৰ উত্তৰ বিক্ৰান্ত। আজাদী কা অমৃত মহোৎসৱৰ অতুলনীয় অমৃত বিক্ৰান্ত। আত্মনিৰ্ভৰ হোৱা ভাৰতৰ অদ্বিতীয় প্ৰতিবিম্ব বিক্ৰান্ত।’’
মোদীয়ে কয়, এয়া ভাৰতৰ বাবে গৌৰৱৰ মুহূৰ্ত। এয়া প্ৰতিগৰাকী ভাৰতীয়ৰ মান, স্বাভিমান বৃদ্ধিৰ সময়। মই ইয়াৰ বাবে প্ৰতিজন ভাৰতীয়ক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি ভাৰতে বিশ্বৰ সেই দেশসমূহৰ তালিকাত অন্তৰ্ভুক্ত হৈছে, যিয়ে দেশীয় প্ৰযুক্তিৰে ইমান বিশাল এয়াৰক্ৰাফ্ট কেৰিয়াৰ নিৰ্মাণ কৰিছে। আজি আইএনএছ বিক্ৰান্তে দেশক এক নতুন বিশ্বাসেৰে পৰিপূৰ্ণ কৰিছে, দেশত এক নতুন ভৰসা সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 02, 2022, 10:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|