ICUৰ পৰা চুৰি হ’ল তিনিদিনীয়া নৱজাতক, পুত্ৰৰ সলনি থৈ গ’ল কন্যা শিশু

কৃষ্ণ মেডিকেল কলেজ হাস্পতালৰ পৰা চুৰি হ’ল এটি তিনিদিনীয়া নৱজাতক।

news18assam
Updated:June 3, 2019, 11:18 AM IST
ICUৰ পৰা চুৰি হ’ল তিনিদিনীয়া নৱজাতক, পুত্ৰৰ সলনি থৈ গ’ল কন্যা শিশু
কৃষ্ণ মেডিকেল কলেজ হাস্পতালৰ পৰা চুৰি হ’ল এটি তিনিদিনীয়া নৱজাতক।
news18assam
Updated: June 3, 2019, 11:18 AM IST
চৰকাৰী হাস্পতালৰ দায়িত্বহীনতাৰ আন এক ঘটনা পোহৰলৈ আহিছে। বিহাৰৰ মুজাফ্ফৰপুৰত সংঘটিত হৈছে এই ঘটনা। শ্ৰীকৃষ্ণ মেডিকেল কলেজ হাস্পতালৰ পৰা চুৰি হ’ল এটি তিনিদিনীয়া নৱজাতক। ICUৰ পৰা দুৰ্বৃত্তই চুৰি কৰিলে নৱজাতকটি। ICUত CCTV কেমেৰা আছিল যদিও শিশুটি চুৰি হোৱা নিশাৰ ফুটেজ ৰেকৰ্ড হোৱা নাই। ঘটনাক লৈ অহিয়াপুৰ থানাত গোচৰ ৰুজু কৰা হৈছে।

জানিব পৰা মতে, শিৱহৰৰ মুকেশ ৰামৰ পত্নী ছনীয়ে শিৱহৰ সদৰ হাস্পতালত বৃহস্পতিবাৰে এটি পুত্ৰ সন্তান জন্ম দিয়ে। কিন্তু অসুস্থতাৰ বাবে মাতৃ–পুত্ৰক ভৰ্তি কৰোৱা হৈছিল SKMCHত। নৱজাতকটিক NICUত ভৰ্তি কৰোৱা হৈছিল। শনিবাৰে ICUৰ পৰা চুৰি হয় পুত্ৰ সন্তানটি। পুত্ৰৰ সলনি হাস্পতালৰ বিছনাত এৰি গ’ল এটি কন্যা সন্তান। ঘটনাৰ পিছতে পৰিয়ালৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে হাস্পতালখনত।

এই ঘটনাৰ পিছতে জয়মালা কুমাৰী নামৰ আন এগৰাকী মহিলাই এৰি যোৱা কন্যা শিশুটি নিজৰ বুলি দাবী কৰাত বিপাঙত পৰে আৰক্ষীয়ে। এই শিশুটিৰ কোনো তথ্য নাই হাস্পতাল কৰ্তৃপক্ষৰ ওচৰত। তেনেস্থলত ICUত কোনে থৈ গ’ল শিশুটি। জয়মালাৰ মতে, বগুচী নামৰ এগৰাকী মহিলাই তেওঁৰ শিশুটি হাস্পতাললৈ আনিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি