• Home
  • »
  • News
  • »
  • nation
  • »
  • শ্বাহিন বাগঃ মাতৃৰ সৈতে বিক্ষোভত দৈনিক অংশ লোৱা ৪মহীয়া কণমানিৰ ঠাণ্ডাত মৃত্যু

শ্বাহিন বাগঃ মাতৃৰ সৈতে বিক্ষোভত দৈনিক অংশ লোৱা ৪মহীয়া কণমানিৰ ঠাণ্ডাত মৃত্যু

পিতৃ–মাতৃৰ সৈতে কণমানি জাহান। ফটোঃপিটিআই

পিতৃ–মাতৃৰ সৈতে কণমানি জাহান। ফটোঃপিটিআই

মাতৃয়ে কোৱা মতে যোৱা ৩০জানুৱাৰীত জাহান নামৰ শিশুটিৰ শুই থাকোতে মৃত্যু মুখত ঢলি পৰে। তেওঁ কয়, মই নিশা প্ৰায় ১বজাত ঘৰলৈ উভতি আহিছিলো। তাৰ লগতে বাকী সন্তানকেইটাকো শুৱাই মই নিজেও শুবলৈ গ’লো। পুৱা আমি দেখা পাওঁ তাৰ সাৰ–সিকতি নাছিল। 

  • Share this:
দিল্লীৰ শ্বাহিন বাগ এলেকাত নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে অব্যাহত বিক্ষোভত চাৰিমহীয়া সন্তানসহ অংশ লোৱা এগৰাকী মহিলাৰ সন্তানটিৰ মৃত্যু ঘটিছে। নিউজ এজেন্সী পিটিআইৰ আগত মাতৃয়ে প্ৰকাশ কৰা মতে প্ৰচণ্ড শীতত বিক্ষোভ কাৰ্যসূচীত অংশ লোৱাৰ কাৰণেই শিশুটিৰ মৃত্যু ঘটে। ঠাণ্ডা লগাৰ কাৰণে কৰুণ মৃত্যুক আঁকোৱালি লয় চাৰিমহীয়া কণমানি জাহানে। ১৮ডিচেম্বৰৰ পৰা বিক্ষোভত অংশ লোৱা কণমানিটোৰ পৰিয়াল মাবান্তলা আৱাসিক এলেকাৰ এটা জুপুৰীত বাস কৰে। চাৰি মহীয়া কণমানি মহম্মদ জাহানক দৈনিক বিক্ষোভত অংশ ল’বলৈ অহা মাতৃৰ সৈতে দেখা গৈছিল। মানুহৰ মাজত যথেষ্ট জনপ্ৰিয় শিশুটিক সকলোৱে কোলাত এবাৰলৈ হ’লেও লৈছিল। শিশুটিৰ গালত ত্ৰিৰংগা আঁকি দিছিল মানুহে। এতিয়া আৰু মহম্মদ জাহানক শ্বাহিন বাগত দেখিবলৈ পোৱা নাযাব। হাড় কঁপোৱা শীতত শিশুটিৰ মৃত্যু ঘটে।

নিউজ এজেন্সী পিটিআইয়ে এই খবৰ দিছে। অৱশ্যে মাতৃৰ মতে তেওঁ ইয়াৰ পিছতো বিক্ষোভত অংশ ল’ব কাৰণ ‘এয়া তেওঁৰ সন্তানৰ ভৱিষ্যতৰ কাৰণে’। কণমানিৰ পিতৃ–মাতৃ মহম্মদ আৰিফ আৰু নাজিয়া বাটলা হাউচ এলেকাৰ এটা সৰু জুপুৰীত থাকে। তেওঁলোকৰ এজনী ৫বছৰীয়া কন্যা আৰু এবছৰীয়া এটা সন্তানো আছে।
Published by:Tulika Devi
First published: