‘মই নিৰ্দোষী’! ক’ৰ্টত ইন্দ্ৰাণী মুখাৰ্জীৰ দাবী, হত্যাৰ ৬মাহ পিছতো জীয়াই আছিল কন্যা শ্বীনা বৰা!

News18 Assam | News18-Assam
Updated:February 26, 2020, 2:13 PM IST
‘মই নিৰ্দোষী’! ক’ৰ্টত ইন্দ্ৰাণী মুখাৰ্জীৰ দাবী, হত্যাৰ ৬মাহ পিছতো জীয়াই আছিল কন্যা শ্বীনা বৰা!
চিবিআইৰ বিশেষ আদালতত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আৱেদনৰ শুনানি। শুনানিৰ সময়ত ইন্দ্ৰাণী মুখাৰ্জীয়ে বিশেষ চিবিআইৰ ক’ৰ্টত ৰাহুল মুখাৰ্জীৰ কল ডাটা ৰেক’ৰ্ডৰ উল্লেখ কৰি কয় যে, দুয়োৰে মাজত ২৭ৰ পৰা ২৮ডিচেম্বৰলৈকে টেক্সট মেছেজেৰে কথা পতা হৈছিল। 

চিবিআইৰ বিশেষ আদালতত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আৱেদনৰ শুনানি। শুনানিৰ সময়ত ইন্দ্ৰাণী মুখাৰ্জীয়ে বিশেষ চিবিআইৰ ক’ৰ্টত ৰাহুল মুখাৰ্জীৰ কল ডাটা ৰেক’ৰ্ডৰ উল্লেখ কৰি কয় যে, দুয়োৰে মাজত ২৭ৰ পৰা ২৮ডিচেম্বৰলৈকে টেক্সট মেছেজেৰে কথা পতা হৈছিল। 

  • Share this:
মুম্বাইঃশ্বীনা বৰা হত্যাকাণ্ডৰ অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে চিবিআইৰ বিশেষ আদালতত জামিন আৱেদনৰ শুনানিৰ সময়ত চাঞ্চল্যকৰ বিস্ফোৰণ কৰিছে। ইন্দ্ৰাণী মুখাৰ্জীয়ে দাবী কৰিছে যে ২৪ এপ্ৰিল ২০১২ত যেতিয়া শ্বীনা বৰাক হত্যা কৰা হৈছিল তাৰ পিছতো ৬মাহলৈকে শ্বীনা ‘জীয়াই’ আছিল। ইন্দ্ৰাণীৰ দাবী যে শ্বীনাৰ হত্যাৰ ৬মাহ পিছলৈকে তেওঁ প্ৰেমাস্পদ তথা বাগদান কৰা ৰাহুল মুখাৰ্জীৰ সৈতে কথা পাতি আছিল। উল্লেখযোগ্য যে, চিবিআইৰ বিশেষ আদালতত মঙলবাৰে পঞ্চমবাৰলৈ ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰা হয়।

এই শুনানিত ইন্দ্ৰাণীয়ে ক’ৰ্টত ৰাহুল মুখাৰ্জীৰ কল ডাটা ৰেক’ৰ্ড প্ৰদান কৰি কয় যে, দুয়োৰে মাজত ২৭ৰ পৰা ২৮ডিচেম্বৰলৈকে টেক্সট মেচেজত কথা বতৰা হৈছিল। ইন্দ্ৰাণীয়ে ক’ৰ্টত তিনি দিনলৈকে ৰাহুল–শ্বীনাৰ কথা–বতৰা পঢ়ি শুনায়। ইন্দ্ৰাণীয়ে কয়, ৰাহুল মুখাৰ্জীয়ে লিখিছে, –বাবা আই এম ইন দ্য কাৰ পাৰ্ক, কম ন’! উত্তৰত শ্বীনাই লিখিছে ৫মিনিট বাচ। ইয়াৰ পিছতে ৰাহুলৰ আন এটা মেচেজ–এ ব’লা জল্দী।

ক’ৰ্টত জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়তে ইন্দ্ৰাণীয়ে কয় যে তেওঁক জানি–শুনি ফচাবলৈ বিচৰা হৈছে। মই নিৰ্দোষী। ইন্দ্ৰাণীয়ে কয় যে, আগষ্ট ২০১৫ত তেওঁক গ্ৰেপ্তাৰৰ তৎক্ষণাত পিছত পিটাৰ মুখাৰ্জীয়ে নিজৰ পুত্ৰ ৰাহুল আৰু ৰবীনৰ একাউণ্টত ৬কোটি টকা ট্ৰান্সফাৰ কৰিছিল। ইন্দ্ৰাণীয়ে ক’ৰ্টত কয় যে, এপ্ৰিল ২০১২ত তথাকথিত ৰূপত হত্যাৰ পিছৰে পৰা ২০১৫ত তেওঁক গ্ৰেপ্তাৰ কৰালৈকে তেওঁ প্ৰায় ১৯বাৰ বিদেশ ভ্ৰমণ কৰিছিল। যদি এনেকুৱা হত্যাকাণ্ড তেওঁ কৰিছিলেই তেনেহ’লে তেওঁ ভাৰতলৈ উভতি কিয় আহিছিল।

পিটাৰ মুখাৰ্জীয়ে বম্বে হাইক’ৰ্টৰ পৰা লাভ কৰিছে জামিন

শ্বীনা বৰা হত্যাকাণ্ডত বিগত চাৰি বছৰৰ পৰা জেলত বন্দী হৈ থকা পিটাৰ মুখাৰ্জীয়ে বম্বে হাইক’ৰ্টৰ পৰা ৬ ফেব্ৰুৱাৰীত জামিন লাভ কৰে। জামিনৰ তৎক্ষণাত পিছত চিবিআইয়ে ক’ৰ্টৰ অৰ্ডাৰত ষ্টে বিচাৰিছিল। চিবিআইৰ তৰফৰ পৰা কোৱা হৈছিল যে বিষয়টো যথেষ্ট জটিল। ক’ৰ্টে চিবিআইৰ অনুৰোধ ৰক্ষা কৰি নিজৰ অৰ্ডাৰত ৬সপ্তাহৰ স্থগিতাদেশ লগাইছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading