Sheena Bora Murder Case: বুধবাৰে উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল ৫০ বছৰীয়া ইন্দ্ৰাণী মুখাৰ্জীক।
Sheena Bora Murder Case: বুধবাৰে উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল ৫০ বছৰীয়া ইন্দ্ৰাণী মুখাৰ্জীক।
কন্যা শ্বীনা বৰা (Sheena Bora)ক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ ছয় বছৰ ৯ মাহৰ পাছত শুকুৰবাৰে মুম্বাইৰ বাইকুলা মহিলা কাৰাগাৰৰ পৰা ওলাই আহিল প্ৰাক্তন মিডিয়া কাৰ্যবাহী তথা গোচৰৰ প্ৰধান অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জী (Indrani Mukerjea)। ২ লাখ টকাৰ নগদ বণ্ড প্ৰদান কৰাৰ পিছত মুকলি কৰি দিয়া হয় ইন্দ্ৰাণী মুখাৰ্জীক।
বুধবাৰে জামিন মঞ্জুৰ কৰাৰ সময়তে উচ্চতম ন্যায়ালয়ে (Supreme Court ) লক্ষ্য কৰিছিল যে ইন্দ্ৰাণী দীৰ্ঘদিন ধৰি কাৰাগাৰত আছে আৰু শীঘ্ৰেই এই বিচাৰ প্ৰক্ৰিয়া শেষ হোৱাৰ সম্ভাৱনা নাই।
বুধবাৰে উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল ৫০ বছৰীয়া ইন্দ্ৰাণী মুখাৰ্জীক। ইন্দ্ৰাণীৰ তদানীন্তন চালক শ্যামবৰ ৰায় আৰু প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাৰ সহায়ত কন্যা শ্বীনা বৰাক হত্যা কৰাৰ অভিযোগত ২০১২ চনৰ এপ্ৰিল মাহত ইন্দ্ৰাণী মুখাৰ্জীক গ্ৰেপ্তাৰ কৰা হৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|