মধ্যপ্ৰদেশৰ ইন্দোৰে এতিয়া লাভ কৰিলে ‘ট্ৰী এম্বুলেন্স’ যিয়ে মহানগৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিব।
পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে প্ৰথম স্থানত থকা, ক্লীন চিটি ইন্দোৰে এতিয়া গ্ৰীণ চিটি হোৱাৰ দিশতো আগবাঢ়িছে।
জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ লগতে চহৰখন সেউজীয়া কৰি ৰখাৰ স্বাৰ্থত ইন্দোৰ পৌৰ নিগমে নিজৰ উদ্যান শস্য বিভাগৰ সহযোগত ৰাজধানী চহৰত সেউজীয়া সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা থকা বাহন স্থাপন কৰিছে।
মহানগৰীৰ চাৰিওফালৰ গছ-গছনিবোৰক সুস্থ কৰি ৰখাৰ বাবে সকলো সা-সুবিধাৰে সজ্জিত হৈছে ‘ট্ৰী এম্বুলেন্স’। পৌৰ নিগমৰ নিজেৰ কৰ্মশালাত প্ৰস্তুত কৰা এই এম্বুলেন্সখনে ৰোগীয়া, কৃমি আক্ৰান্ত গছ-গছনিৰ চিকিৎসা কৰিব।
গছ স্প্ৰে কৰা, পানী স্প্ৰে কৰা লগতে কাটি ছাঁটনি কৰাকে ধৰি সকলো সুবিধা আৰু সঁজুলি এম্বুলেন্সখনত আছে।
ইন্দোৰৰ মেয়ৰ পুষ্যমিত্ৰ ভাৰ্গৱে কয়, “জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ বাবে ইন্দোৰ পৌৰ নিগমে স্থাপন কৰা ট্ৰী এম্বুলেন্স স্প্ৰিংকলাৰ, পানীৰ ব্যৱস্থা, ঔষধ আৰু অন্যান্য যন্ত্ৰৰ দৰে প্ৰয়োজনীয় সামগ্ৰীৰ সৈতে অল-ইন-ৱান, ইন্দোৰৰ সেউজীয়া বজাই ৰাখিব। ”
পৌৰ নিগমৰ উদ্যান শস্য বিভাগৰ অধীনত পৰিচালিত হ'ব এই এম্বুলেন্সখন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|