• Home
  • »
  • News
  • »
  • nation
  • »
  • পত্নীৰ পৰা আঁতৰত থকাৰ বাবেই স্বামীয়ে বনালে ভুৱা কোৰোণা পজিটিভ ৰিপ’ৰ্ট, ধৰাৰ পৰাৰ পিছত যি হ’ল...

পত্নীৰ পৰা আঁতৰত থকাৰ বাবেই স্বামীয়ে বনালে ভুৱা কোৰোণা পজিটিভ ৰিপ’ৰ্ট, ধৰাৰ পৰাৰ পিছত যি হ’ল...

এজাজৰ পত্নীৰ সন্দেহ হ’ল যে তেওঁ ঘৰত সুস্থ হৈ আছিল আৰু কোৰোণাৰ কোনো লক্ষণ নাছিল।

এজাজৰ পত্নীৰ সন্দেহ হ’ল যে তেওঁ ঘৰত সুস্থ হৈ আছিল আৰু কোৰোণাৰ কোনো লক্ষণ নাছিল।

এজাজৰ পত্নীৰ সন্দেহ হ’ল যে তেওঁ ঘৰত সুস্থ হৈ আছিল আৰু কোৰোণাৰ কোনো লক্ষণ নাছিল।

  • Share this:
মধ্য প্ৰদেশৰ ইন্দোৰৰ মহুত এজন প্লাইউড ব্যৱসায়ীৰ পুত্ৰই নিজৰ পত্নীৰ পৰা আঁতৰত থকাৰ বাবে ভুৱা কোৰোণা পজিটিভ ৰিপ’ৰ্ট বনাই লয়। কোৰোণাৰ ভুৱা পজিটিভ ৰিপ’ৰ্ট তৈয়াৰ কৰি লোকজনে পত্নীলৈ প্ৰেৰণ কৰি কয় যে তেওঁ কোভিড চেণ্টাৰত ভৰ্তি হৈ আছে। আনহাতে, এমাহতকৈও অধিক সময় হোৱাৰ পিছত যেতিয়া লোকজন ঘৰলৈ ওভতি নাহিল তেতিয়া পত্নীৰ সন্দেহ হয়। তাৰ পিছতে পত্নীয়ে পিতৃক লগত লৈ অনুসন্ধানত নামি পৰে। জোৱায়েকৰ ৰিপ’ৰ্টৰ বিষয়ে লেব’ৰেটৰীত অনুসন্ধান চলোৱাত জানিব পাৰিলে যে সেই ৰিপ’ৰ্ট ভুৱা। এতিয়া লেব’ৰেটৰীয়েও ব্যৱসায়ীজনৰ পুত্ৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে। অভিযুক্ত বৰ্তমানো পলাতক।

এই ঘটনা গোৱালটোলী থানাৰ সমীপৰ চেন্ট্ৰেল লেবৰ। ইন্দোৰৰ এএছপি জয়বীৰ সিং ভদোৰিয়াৰ মতে, এই বছৰৰে ফেব্ৰুৱাৰী মাহত প্লাইউদ ব্যৱসায়ীজনৰ পুত্ৰ এজাজ আহমেদৰ বিয়া হৈছিল। কোৱা হৈছে যে তেওঁৰ শাৰীৰিক দুৰ্বলতাৰ বাবে দুয়োৰে বৈবাহিক জীৱন শান্তিপূৰ্ণ নাছিল। সেইবাবেই লোকজনে পত্নীৰ পৰা আঁতৰত থাকিব বিচাৰিছিল।

২৫ মে’ত এটা ফটোশ্ব’প এপ ডাউনলোড কৰি ইন্দোৰৰ চেন্ট্ৰেল লেবৰ এজন ৰোগীৰ কোভিড পজিটিভ ৰিপ’ৰ্টত নিজৰ নাম সলনি কৰি পৰিয়ালক দেখুৱায়। ইয়াৰ ফলত কোৰোণা পজিটিভ বুলি ভাবি পত্নী আৰু পৰিয়ালে তেওঁৰ পৰা আঁতৰি আছিল।


এজাজৰ পত্নীৰ সন্দেহ হ’ল যে তেওঁ ঘৰত সুস্থ হৈ আছিল আৰু কোৰোণাৰ কোনো লক্ষণ নাছিল। এমাহৰো সময় পাৰ হোৱাৰ পিছত পত্নীয়ে পিতৃক এই ৰিপ’ৰ্টৰ অনুসন্ধান কৰিবলৈ কয়। ইয়াৰ পিছতে পিতৃয়ে চেন্ট্ৰেল লেবৰ ৱেবছাইটৰ পৰা তাৰ টোল ফ্ৰী নম্বৰ বিচাৰি লেব’ৰেটৰীৰ দ্বাৰা তাৰ সন্ধান কৰে।

লেব’ৰেটৰীৰ ফালৰ পৰা কোৱা হয় যে কোভিড ৰিপ’ৰ্টৰ সৈতে জালিয়াতি কৰি ৰোগীৰ নামৰ ঠাইত এজাজে নিজৰ নাম এডিট কৰি লগাই লৈছে। আনহাতে, এই ঘটনাৰ পিছতে লেব’ৰ সঞ্চালিকা বিনীতা কোঠাৰীয়ে থানাত এক অভিযোগ দাখিল কৰে। আৰক্ষীয়ে এজাজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Published by:Sanjay Kumar Das
First published: