অসমৰ যুৱকৰ অভব্য আচৰণৰ বাবে ওড়িশাত জৰুৰী অৱতৰণ ইণ্ডিগ’ বিমানৰ

News18-Assam
Updated:June 24, 2019, 12:38 PM IST
অসমৰ যুৱকৰ অভব্য আচৰণৰ বাবে ওড়িশাত জৰুৰী অৱতৰণ ইণ্ডিগ’ বিমানৰ
ইৰছাদে মাতৃৰ বিয়োগৰ বাবে তেওঁৰ বন্ধু আব্দুল কৰিমৰ সৈতে হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ আহি আছিল।

ইৰছাদে মাতৃৰ বিয়োগৰ বাবে তেওঁৰ বন্ধু আব্দুল কৰিমৰ সৈতে হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ আহি আছিল।

  • Share this:
দেওবাৰে হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছিল ইণ্ডিগ’ৰ এখন বিমান। কিন্তু যাত্ৰাকালত এজন যুৱকৰ অভব্য আচৰণৰ বাবে ওড়িশাৰ বিজু পাটনায়ক আন্তৰ্জাতিক বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ কৰাবলগীয়া হয় বিমানখন। অভব্য আচৰণ কৰা যুৱকজন যমুনামুখৰ ইৰছাদ আলী।

ইণ্ডিগ’ বিমানখন ওড়িশাত জৰুৰীভাৱে অৱতৰণ কৰোৱাৰ পিছতে যুৱকজনক গতাই দিয়া হয় বিমানবন্দৰ আৰক্ষীক। অভিযোগ অনুসৰি, ইৰছাদে মাতৃৰ বিয়োগৰ বাবে তেওঁৰ বন্ধু আব্দুল কৰিমৰ সৈতে হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ আহি আছিল। পুনেৰ এখন আইচক্ৰীম পাৰ্লাৰত ৫ বছৰ ধৰি কৰ্মৰত হৈ আছে ইৰছাদ।

সূত্ৰ অনুসৰি, গুৱাহাটীলৈ আহি থকা অৱস্থাতে ইৰছাদে বিমানত কোনো কাৰণ নোহোৱাকৈ অভব্য আচৰণ কৰিবলৈ আৰম্ভ কৰে। যুৱকজনৰ আচৰণত অতিষ্ঠ হৈ পৰে বিমানৰ যাত্ৰীসকল। ইমানেই নহয়, ইৰছাদে বিমানখনৰ দুৱাৰ খুলিবলৈও চেষ্টা কৰে। উপায়ন্তৰ হৈ বিমানকৰ্মীয়ে বিজু পাটনায়ক আন্তৰ্জাতিক বিমানবন্দৰত জৰুৰীভাৱে বিমানখন অৱতৰণ কৰোৱাৰ সিদ্ধান্ত লয়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইৰছাদ আলীৰ পৰিয়ালক অৱগত কৰিছে আৰু শীঘ্ৰে পৰিয়ালৰ লোক ওড়িশালৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি