১৯৯৯টকাত বিমান যাত্ৰা, ইণ্ডিগ’ই দি আছে বিশেষ অফাৰ

এয়াৰলাইন্সে টুইট কৰি জনায় যে আমি দিল্লী আৰু আহমেদাবাদৰ পৰা দৈনিক নন ষ্টপ বিমানৰ উৰণ আৰম্ভ কৰি আছো। এই নতুন ৰুটৰ ভাড়া ১৯৯৯টকাত আৰম্ভ হ’ব। জোধপুৰ ইণ্ডিগ’ৰ ৫৬সংখ্যক ডেষ্টিনেশ্যন হ’ব। 

News18
Updated:July 24, 2019, 3:53 PM IST
১৯৯৯টকাত বিমান যাত্ৰা, ইণ্ডিগ’ই দি আছে বিশেষ অফাৰ
এয়াৰলাইন্সে টুইট কৰি জনায় যে আমি দিল্লী আৰু আহমেদাবাদৰ পৰা দৈনিক নন ষ্টপ বিমানৰ উৰণ আৰম্ভ কৰি আছো। এই নতুন ৰুটৰ ভাড়া ১৯৯৯টকাত আৰম্ভ হ’ব। জোধপুৰ ইণ্ডিগ’ৰ ৫৬সংখ্যক ডেষ্টিনেশ্যন হ’ব। 
News18
Updated: July 24, 2019, 3:53 PM IST
সস্তীয়া বিমান যাত্ৰা প্ৰদান কৰি অহা ইণ্ডিগ’ এয়াৰলাইন্সে ৫ ছেপ্তেম্বৰৰ পৰা জোধপুৰ আৰু দিল্লী তথা জোধপুৰ আৰু আহমেদাবাদৰ মাজত নন ষ্টপ উৰণ আৰম্ভ কৰি আছে। এয়াৰলাইন্সে টুইট কৰি কয় যে আমি দিল্লী আৰু আহমেদাবাদৰ পৰা দৈনিক নন ষ্টপ বিমান যাত্ৰা আৰম্ভ কৰি আছো। এই নতুন পথৰ আৰম্ভনি ভাড়া হ’ব ১৯৯৯টকা। জোধপুৰ ইণ্ডিগ’ৰ ৫৬সংখ্যক ডেষ্টিনেশ্যন হ’ব।.

শীঘ্ৰে ছিংগাপুৰ আৰু বেংককৰ মাজত আৰম্ভ হ’ব উৰণ

এয়াৰলাইন্সে ২০জুলাইত কলকাতা আৰু শ্বিলঙৰ মাজত এখন নতুন বিমানৰ আৰম্ভনি কৰিছে। লগতে ইণ্ডিগ’ই ২২ আগষ্টৰ পৰা মুম্বাই–ছিংগাপুৰ ৰুট আৰু মুম্বাই–বেংকক ৰুটত দৈনিক নন ষ্টপ বিমান যাত্ৰা আৰম্ভ কৰিছে। ইয়াৰ ওপৰিউ দিল্লী আৰু মুম্বাইক সংলগ্ন কৰা ছয়খন নতুন ইণ্টাৰনেশ্যনেল বিমানৰ যাত্ৰাও আৰম্ভ হ’ব। ইণ্ডিগ’ৰ নিজৰ ৰুট বিস্তাৰ কৰি আছে। জুনৰ শেষত ইণ্ডিগ’ৰ ওচৰত ২৩৫খন বিমান আছিল আৰু এইসমূহে ৭০টা ৰো অধিক ডেষ্টিনেশ্যন সামৰি লৈছিল।

কম খৰছত যাত্ৰা কৰোৱা ইণ্ডিগ’ই নিজৰ এক বিবৃতিত প্ৰকাশ কৰিছে যে ২৫জুলাই আৰু ৫আগষ্টত ইণ্ডিগ’ই দিল্লীক জেদ্দা আৰু মুম্বাইক কুৱেইটৰ সৈতে সংযোগ ঘটোৱা দৈনিক নন ষ্টপ বিমান যাত্ৰা আৰম্ভ কৰিব। ইয়াৰ লগতে ছেক্টৰত বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ এয়াৰলাইন্সে মুম্বাই আৰু ডুবাইৰ মাজত তৃতীয়খন নন ষ্টপ দৈনিক বিমানৰ যাত্ৰাও আৰম্ভ কৰিব।

ডমেষ্টিক এয়াৰ পেচেঞ্জাৰ মাৰ্কেটৰ ৫০শতাংশ অংশীদাৰিত্ব ইণ্ডিগ’ৰ

বৰ্তমান ইণ্ডিগ’ ভাৰতৰ শীৰ্ষস্থানীয় এয়াৰলাইন্স আৰু ইয়ে ডমেষ্টিক এয়াৰ পেচেঞ্জাৰ মাৰ্কেটৰ ৫০শতাংশ অংশীদাৰিত্ব গ্ৰহণ কৰি আছে। ইণ্টাৰগ্ল’ৱ এভিয়েশ্যনে যোৱা সপ্তাহত ৩০জুনলৈকে ত্ৰিমাসিকৰ ২০,৩১,২০৩.১৪কোটি টকাৰ লাভ তুলি ধৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি