உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • India's Tallest Man: অখিলেশ যাদৱৰ নিৰ্বাচনী চমক, ভাৰতৰ আটাইতকৈ ওখ লোকগৰাকীক স্বাগতম জনালে দললৈ

    India's Tallest Man: অখিলেশ যাদৱৰ নিৰ্বাচনী চমক, ভাৰতৰ আটাইতকৈ ওখ লোকগৰাকীক স্বাগতম জনালে দললৈ

    দলটোৰ অফিচিয়েল ফেচবুক পৃষ্ঠাত দিয়া পোষ্ট অনুসৰি, ধৰ্মেন্দ্ৰ প্ৰতাপে সমাজবাদী দলৰ নীতি আৰু নেতাৰ বাবে সদস্যপদ গ্ৰহণ কৰিছে।

    দলটোৰ অফিচিয়েল ফেচবুক পৃষ্ঠাত দিয়া পোষ্ট অনুসৰি, ধৰ্মেন্দ্ৰ প্ৰতাপে সমাজবাদী দলৰ নীতি আৰু নেতাৰ বাবে সদস্যপদ গ্ৰহণ কৰিছে।

    দলটোৰ অফিচিয়েল ফেচবুক পৃষ্ঠাত দিয়া পোষ্ট অনুসৰি, ধৰ্মেন্দ্ৰ প্ৰতাপে সমাজবাদী দলৰ নীতি আৰু নেতাৰ বাবে সদস্যপদ গ্ৰহণ কৰিছে।

    • Share this:
    নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবোৰে মানুহৰ চকু আকৰ্ষণ কৰিবলৈ কোনো আশ্চৰ্যকৰ কাম নকৰাকৈ নাথাকে। তেনে কাম এটা কৰি দেখুৱালে উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টীয়েও। অলপতে সমাজবাদী পাৰ্টীয়ে দেশৰ আটাইতকৈ ওখ ব্যক্তিজনক (India’s tallest man) দললৈ স্বাগতম জনায়।

    অহা মাহত অনুষ্ঠিত হ'ব উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন। সমগ্ৰ দেশৰ চকু এই ৰাজ্যৰ ওপৰত আছে। যোগী আদিত্য নাথ আৰু অখিলেশ যাদৱৰ মাজত নিৰ্বাচনী যুঁজৰ চলিছে আখৰা। এনে সময়তে ভাৰতৰ আটাইতকৈ ওখ ব্যক্তি ধৰ্মেন্দ্ৰ প্ৰতাপ সিঙে (Dharmendra Pratap Singh) অখিলেশ যাদৱৰ দলত যোগদান কৰে।

    প্ৰতাপগড়ৰ বাসিন্দা ৪৬ বছৰীয়া ধৰ্মেন্দ্ৰ ২.৪ মিটাৰ (৮ ফুট ১ ইঞ্চি) ওখ। তেওঁ "পৃথিৱীৰ আটাইতকৈ ওখ মানুহ"জনতকৈ ১১ ইঞ্চি চুটি। ধৰ্মেন্দ্ৰ নিজৰ দৈহিক উচ্চতাৰ বাবে খুব জনপ্ৰিয়। তেওঁক দেখাৰ লগে লগে মানুহে ছেলফি উঠাৰ লোভ সামৰিব নোৱাৰে।

    গতিকে, অখিলেশ যাদৱে (Akhilesh Yadav) এটা চমক দিয়াৰ পৰা আঁতৰি থাকিব নোৱাৰিলে। দলটোৰ অফিচিয়েল ফেচবুক পৃষ্ঠাত দিয়া পোষ্ট অনুসৰি, ধৰ্মেন্দ্ৰ প্ৰতাপে সমাজবাদী দলৰ নীতি আৰু নেতা অখিলেশ যাদৱৰ নেতৃত্বৰ ওপৰত বিশ্বাস ৰাখি দলটোৰ সদস্যপদ গ্ৰহণ কৰিছে।

    যদিও তেওঁৰ স্নাতকোত্তৰ ডিগ্ৰী আছে, তেওঁৰ উচ্চতাৰ বাবে চাকৰি পোৱাত সমস্যা হয়। ধৰ্মেন্দ্ৰই এতিয়া সক্ৰিয় ৰাজনীতিত সুনাম গঢ়িছে। ইয়াৰ আগতে, তেওঁ দিল্লী আৰু মুম্বাইলৈ গৈছিল আৰু মানুহক তাত নিজৰ ফটো তুলিবলৈ অনুমতি দি উপাৰ্জন কৰিছিল। ধৰ্মেন্দ্ৰ ২০১৩ চনত দুৰ্ঘটনাত পতিত হোৱাৰ পিছৰে পৰা দীৰ্ঘদিন ধৰি শাৰীৰিক সমস্যাত ভুগি আছে। তেওঁ ২০১৯ চনত এটা অস্ত্ৰোপচাৰো কৰিছিল।





    সমাজবাদী পাৰ্টীৰ ৰাজ্যিক সভাপতি নৰেশ উত্তম পেটেলে ধৰ্মেন্দ্ৰ প্ৰতাপ সিঙক দলত স্বাগতম জনাইছিল আৰু আশা প্ৰকাশ কৰিছিল যে তেওঁৰ যোগদানে সমাজবাদী পাৰ্টিক শক্তিশালী কৰিব। সমাজবাদী পাৰ্টিয়ে টুইটাৰত এই খবৰটো ঘোষণা কৰিছিল।
    Published by:Gautam Barman
    First published: